যাও বুলিয়েই গুচি গ'ল ‘বসু দা’ ! বেহাৰবাৰী আউটপ'ষ্টখনেই যেন নিজম পৰি গ'ল
বসু দা ৰূপেৰে দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হোৱা ফেইলাও বসুমতাৰী আৰু নাই । অজান দেশলৈ গুচি গ'ল তেওঁ । বেহাৰবাৰী আউটপ’ষ্টত কান্দোনৰ ৰোল ।
By ETV Bharat Entertainment Team
Published : April 23, 2025 at 5:04 PM IST
গুৱহাটী:দুখৰ সময়ত মুখত হাঁহি বিৰিঙোৱা জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপ’ষ্টৰ ফেইলাও বসুমতাৰী ওৰফে বসু দাই সকলোকে কন্দুৱাই গুচি গ'ল অজান দেশলৈ । দীৰ্ঘদিন ধৰি যকৃতজনিত ৰোগত আক্ৰান্ত হৈ থকা অভিনেতাগৰাকীয়ে মঙলবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ।
অভিনেতাগৰাকীৰ বিয়োগত শোকৰ ছাঁ পৰিছে সমগ্ৰ সাংস্কৃতিক মহলত । শোকত ভাগি পৰিছে বেহাৰবাৰী আউটপ’ষ্টৰ পৰিয়ালবৰ্গ । বুধবাৰে গুৱাহাটীৰ সুন্দৰপুৰস্থিত বেহাৰবাৰী আউটপ’ষ্টৰ শ্বুটিংস্থলীত কলা-কুশলীসকলে তেওঁক জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি ।
অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি বেহাৰবাৰী আউটপ’ষ্টৰ পৰিয়ালবৰ্গৰ
অভিনেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বেহাৰবাৰী আউটপ’ষ্টৰ পৰিচালক মনোজ শইকীয়া কয়, “ৰেঙণি পৰিয়ালৰ এগৰাকী সদস্য, অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এগৰাকী নিষ্ঠাৱান কৰ্মী তথা গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ পৰা স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী ফেইলাও বসুমতাৰীয়ে মঙলবাৰে স্বাস্থ্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে । তেওঁৰ বিয়াগৰ ফলত কেৱল বেহাৰবাৰী আউটপ’ষ্টৰে নহয় অসমৰ সংগীত তথা সাংস্কৃতিক ক্ষেত্ৰৰ লগতে, বড়োসকলৰ যি স্বকীয় সংস্কৃতি তাৰো ক্ষতি হ’ল । এই ক্ষতি কেতিয়াও কোনেও পূৰণ কৰিব নোৱাৰে ।”
পৰিচালক ৰাজেশ ভূঞাই শোক প্ৰকাশ কৰি কয়, “ফেইলাওৰ লগত মোৰ চিনাকি বহুদিনৰ । মই প্ৰথম গুৱাহাটীলৈ অহা অৰ্থাৎ ১৯৯৯ চনৰ পৰাই তেওঁৰ লগত চিনাকি । তেওঁ লোকসংগীতৰ এগৰাকী সাধক আছিল । নিজে বড়ো ভাষাত গান লিখিছিল, সুৰ কৰিছিল, কণ্ঠদান কৰিছিল । ২০০৫ চনত যেতিয়া ভি চি ডিবোৰ ওলাল তেতিয়া তেওঁ নিজে পৰিচালনা কৰি বড়ো ছবিবোৰ কৰিবলৈ ল’লে । কেইবাখনো বড়ো ছবি তেওঁ প্ৰযোজনা কৰাৰ লগতে পৰিচালনাও কৰিছে । বিগত ১৩ বছৰ ধৰি তেওঁ বেহাৰবাৰী আউটপ’ষ্টত অভিনয় কৰি আহিছে ।”
আনহাতে চিত্ৰনাট্যকাৰ পল্লৱ পৱন বৰাই কয়, “বসু দাৰ মৃত্যু বেহাৰবাৰী আউটপ’ষ্টৰ বাবে এটা অপূৰণীয় ক্ষতি । খুবেই ভাল মানুহ আছিল, সদায় হাঁহি ফুৰ্তি ধেমালিৰে কাম কৰিছিল আমাৰ লগত ।”
শোকত ভাগি পৰিল বেহাৰবাৰী আউটপ’ষ্টৰ কে কে, মোহন, কাকতি দা, তৰামাই, টেনশ্যন, কমল, মুকুতা দা…
শেষবাৰলৈ কেমেৰাৰ আগত চেল্যুট দি মোহনে বিদায় দিলে মৰমৰ মদাহী ছাৰক । অশ্ৰুসিক্ত নয়নেৰে বেহাৰবাৰী আউটপ’ষ্টৰ অভিনেতা মোহন ওৰফে দ্বীপজ্যোতি কেওঁটে কয়, “ক’বলৈ আজি একো ভাষা নাই । ধাৰাবাহিকত যিটো সম্পৰ্ক আছিল বাস্তৱ জীৱনটো তেখেতৰ লগত সেইটোৱেই সম্পৰ্ক আছিল মোৰ । মোক সদায় মদাহী চাৰ বুলিয়ে মাতিবলৈ কয় । আপুনি বুলি ক’লে বেয়া পাইছিল সদায় তই বুলিয়ে মাতিবলৈ কৈছিল । তেওঁৰ মৃত্যু সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এটা ডাঙৰ ক্ষতি ।”
সিদ্ধৰ্থ শৰ্মা ওৰফে কে কেয়ে কয়, “দীৰ্ঘদিনৰ পৰা তেখেত অসুস্থ হৈ আছিল । চিকিৎসাৰ বাবে বাহিৰলৈও গৈছিল । খুব সৰল মানুহ আছিল, বড়ো সংগীতলৈ তেওঁৰ যথেষ্ট অৱদান আছিল । কেইদিনমান আগতে এডিটিং শিকিবলৈ মুম্বাইলৈয়ো গৈছিল । মোৰ লগতে এটা ভাল বন্ধুত্ব আছিল । মোৰ লগত চিন কৰিব বুলি মোক মেছেজো দিছিল ।”
তৰামাই ওৰফে সীমা বৰাই কয়, “স্বাস্থ্য ভাল হ’লে আৰু শ্বুটিং কৰিবলৈ গৈ আছো বুলি কৈছিল । শ্বুটিঙলৈ আহিম বুলি কৈ আৰু যে কেতিয়াও উভতি নাহিব সেইটো ভবা নাছিলো । খুব আশাবাদী মানুহ আছিল তেওঁ । তেওঁৰ অনুপস্থিতিত বহুত অভাৱ অনুভৱ কৰিম ।”
উল্লেখ্য যে, অভিনেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰ দিনটোত বন্ধ ৰখা হয় ৰেঙণিৰ সকলো ধাৰাবাহিকৰ দৃশ্যগ্ৰহণৰ কাম ।