ছেকেন্দ্ৰাবাদৰ ভুৱা প্ৰজনন কেন্দ্ৰ; পোহৰলৈ ভুৱা ছাৰ’গেছীৰ ক’লা অধ্য়ায়
তেলেংগানাৰ মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ন্যায়াধীশ ছামিম আখতাৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগক জাননী জাৰি কৰি এই কেলেংকাৰীৰ বিস্তৃত প্ৰতিবেদন বিচাৰিছে ৷
Published : July 29, 2025 at 6:54 PM IST
হায়দৰাবাদ : হায়দৰাবাদৰ এখন অন্যতম ব্যস্ত চহৰ ছেকেন্দ্ৰাবাদ ৷ এই ছেকেন্দ্ৰাবাদৰ ৰেজিমেণ্ট বজাৰত থকা ইউনিভাৰ্ছেল সৃষ্টি ফাৰ্টিলিটি চেণ্টাৰে প্ৰজনন সেৱাৰ নামত অবৈধভাৱে শুক্ৰাণু আৰু কণী সংগ্ৰহৰ লগতে শিশুৰ সৰবৰাহৰ এক বৃহৎ অবৈধ ব্যৱসায় চলাই আহিছিল ৷
প্ৰজনন কেন্দ্ৰটোৰ সঞ্চালকে সমগ্ৰ ভাৰতবৰ্ষতে দৰিদ্ৰ পৰিয়ালসমূহৰ পৰা অবৈধভাৱে নৱজাতক ক্ৰয় কৰি নিঃসন্তান দম্পতীক বিক্ৰী কৰি আহিছে ৷ তদুপৰি মিছাকৈয়ে ছাৰ’গেছীৰ জৰিয়তে শিশু জন্ম হোৱা বুলি দাবী কৰি সংগ্ৰহ কৰি আহিছে বৃহৎ পৰিমাণৰ নগদ ধন ৷
এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে কাৰাগাৰৰ আলহী হৈছে প্ৰধান অভিযুক্ত তথা প্ৰজনন কেন্দ্ৰটোৰ মুৰব্বী ডাঃ নম্ৰতাকে ধৰি আন ৮ জন লোক ৷ হায়দৰাবাদৰ চঞ্চলগুড়া কাৰাগাৰত বন্দী হৈ আছে আটাইকেইজন অভিযুক্ত ৷ গোপালাপুৰম আৰক্ষীয়ে এই সমগ্ৰ কেলেংকাৰীৰ তদন্ত অব্যাহত ৰখাৰ সময়তে পলাতক অৱস্থাত আছে ঘটনাটোত জড়িত আন দুজন লোক ৷
বিষয়টোৰ ভয়াৱহতাক বিবেচনা কৰি তেলেংগানাৰ মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ, ন্যায়াধীশ ছামিম আখতাৰে ৰাজ্যখনৰ স্বাস্থ্য, চিকিৎসা আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিবলৈ জাননী জাৰি কৰি ২৮ আগষ্টৰ ভিতৰত এই কেলেংকাৰীৰ বিস্তৃত প্ৰতিবেদন বিচাৰিছে ।
প্ৰাপ্ত তথ্য অনুসৰি, ৰাজস্থানৰ এটা দম্পতীয়ে ইউনিভাৰ্ছেল সৃষ্টি ফাৰ্টিলিটি চেণ্টাৰত কৰা চিকিৎসাৰ সুবাদতে লাভ কৰিছিল এটা পুত্ৰ সন্তান ৷ ছাৰ’গেছী পদ্ধতিৰে জন্ম হোৱা সন্তানটোৰ ডি এন এ পিতৃ-মাতৃৰ সৈতে মিলা নাছিল ৷ এই প্ৰশ্নৰ উত্তৰ বিচাৰি দম্পতীটো কেন্দ্ৰটোলৈ যায় যদিও লাভ নকৰিলে সদুত্তৰ ৷ যাৰ বাবে তেওঁলোক কাষ চাপে আৰক্ষীৰ ৷ ইয়াৰ পিছতে পোহৰলৈ আহে এই ক’লা অধ্যায় ৷
অসমৰ মহম্মদ আলী আদিক আৰু নাছৰিন বেগম নামৰ দম্পতীটোৰ নৱজাত পুত্ৰক চিকিৎসালয়খনে ক্ৰয় কৰি কেঁচুৱাটো ৰাজস্থানৰ পৰা অহা দম্পতীটোক ছাৰ’গেছীৰ জৰিয়তে জন্ম দিয়া সন্তান বুলি ধনৰ বিনিময়ত গতাই দিছিল ৷
বিশাখাপট্টনমত আছে এই কেলেংকাৰীৰ মূল শিপা
এই ঘটনা পোহৰলৈ অহাৰ পিছতে আগুৱাই আহে অধিক সংখ্যক ভুক্তভোগী ৷ জানিব পৰা গৈছে যে তেলেগু ৰাজ্যসমূহত প্ৰজনন কেন্দ্ৰৰ সৈতে জড়িত বহুকেইটা একেধৰণৰ ঘটনা সংঘটিত হৈছে ।
গোপালাপুৰম আৰক্ষীৰ তথ্য অনুসৰি ২০১৫ চনত আমেৰিকাত বাস কৰা এটা ভাৰতীয় দম্পতীয়ে চিকিৎসালয়খনৰ বিশাখাপট্টনম শাখাৰ পৰা ভুৱা ছাৰ’গেট এটা কেঁচুৱাৰ বাবদ আদায় দিছিল ১২ লাখ টকা ৷ পৰৱৰ্তী সময়ত দম্পতীটোৱে জেনেটিক টেষ্টৰ জৰিয়তে জানিব পাৰে যে শিশুটিয়ে জৈৱিকভাৱে জন্ম লাভ কৰা নাই ৷ তাৰপিছতে তেওঁলোক কাষ চাপে আৰক্ষীৰ ৷
২০১৯ চনত তদানীন্তন খাম্মাম জিলাৰ এটা নিঃসন্তান দম্পতীয়ে চিকিৎসালয়খনৰ কে পি এইচ বি শাখাত ডাঃ নম্ৰতাক এটা ছাৰ’গেট সন্তানৰ বাবদ আদায় দিছিল ১৩ লাখ টকা ৷ দম্পতীটোক কোৱা হৈছিল যে শিশুটিৰ ছাৰ’গেট মাতৃৰ কোভিড-19 ত আক্ৰান্ত হৈ মৃত্যু ঘটিছে । ইয়াৰ পিছতে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে দম্পতীটোৱে আৰু গোচৰটো বৰ্তমান আদালতত বিচাৰাধীন হৈ আছে ।
চাৰি বছৰ পূৰ্বে অনুজ্ঞাপত্ৰ বাতিল হোৱাৰ পিছতো ছেকেন্দ্ৰাবাদস্থিত এই কেন্দ্ৰটোৱে এটা আৱাসিক ভৱনত অবৈধভাৱে ব্যৱসায় চলাই আহিছিল ৷ অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া, বিশাখাপট্টনম, কলকাতা আৰু ওড়িশাতো চিকিৎসালয়খনৰ শাখা আছে ।
ইয়াৰ নেটৱৰ্কে কেনেকৈ কাম কৰে
এই জালত আবদ্ধ দম্পতীসকলক বিশাখাপট্টনমলৈ পঠিওৱা হয়, য’ত প্ৰায়ে জনজাতীয় আৰু দুৰ্গম অঞ্চলৰ পৰা অহা দৰিদ্ৰ মহিলাসকলক প্ৰতিনিধি মাতৃ হিচাপে কেন্দ্ৰটোৱে সন্তান বিচৰা দম্পতীটোৰ আগত প্ৰদৰ্শন কৰে ৷
কেন্দ্ৰটোৱে প্ৰসৱৰ তাৰিখ আগতীয়াকৈ নিৰ্ধাৰণ কৰে ৷ তদুপৰি অবৈধভাৱে ৫০ হাজাৰৰ পৰা ১ লাখ টকা পৰ্যন্ত ধনৰাশিৰে ক্ৰয় কৰা কেঁচুৱাক ভুৱা লেব আৰু অকৰ্তৃত্বশীল শল্য চিকিৎসা কক্ষ ব্যৱহাৰ কৰি ছাৰ’গেছী কেঁচুৱা হিচাপে গতাই দিয়ে ।
দৰিদ্ৰ অঞ্চলৰ গৰ্ভৱতী মহিলাক চিনাক্ত কৰি ধনৰ লোভ দিয়া, অতি কম মূল্যতে তেওঁলোকৰ কেঁচুৱা লাভ কৰা আদি অনৈতিক কামৰ সৈতে দালালৰ এক বৃহৎ চক্ৰ জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক:অপাৰেশ্যন মহাদেৱত নিহত তিনি সন্ত্ৰাসবাদী, নিশ্চিত কৰিলে গৃহমন্ত্ৰীয়ে