দিল্লীত ক’ভিডে লৈছে ভয়াৱহ ৰূপ, নতুনকৈ ৪২ জনৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি
চৰকাৰে সকলো ৰাইজকে Covid গাইডলাইন মানি চলিবলৈ আহ্বান জনাইছে ।
Published : June 9, 2025 at 10:47 PM IST
নতুন দিল্লী :ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা মহামাৰীত আক্ৰান্ত হোৱা লোক সংখ্যা । বিশষকৈ ৰাজধানী দিল্লীত প্ৰতিদিনে ন ন ৰোগীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি । জানিব পৰা মতে, বিগত ২৪ ঘন্টাত ৪২ জন ব্য়ক্তিৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছ । লগতে বিগত ২৪ ঘন্টাত ১০৪ জন ৰোগী সুস্থ হৈ উঠিছে ।
চাৰিদিন পূৰ্বে দিল্লীত কৰ’ণাত আক্ৰান্ত হৈ দুজন ৰোগীৰ মৃত্যু হৈছিল । মৃত্যু হোৱা ৰোগী দুজনৰ ভিতৰত এটি ৫ মহীয়া শিশু আছিল । কৰ’ণাৰ লগতে শিশুটি শ্বাস-প্ৰশ্বাসজনিত বিকলতাৰ লগতে গুৰুতৰভাৱে নিউমোনিয়া ৰোগতো আক্ৰন্ত আছিল । একে সময়তে আন ৮৭ বছৰীয়া এজন ৰোগী ক’ভিডৰ লগতে হৃদৰোগ, বৃক্কৰ ৰোগ, নিউমোনিয়া ৰোগ আদি সমস্যা আছিল । এই ৰোগবোৰৰ চিকিৎসা চলি থকাৰ সময়তে এই লোকজনৰ দেহত কৰ’ণা ৰোগত আক্ৰন্ত হৈ মৃত্যু মুখত পৰে ।
দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকসকলে সাৱধান : এতিয়ালৈকে দেখা গৈছে যে অসুস্থ আৰু দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকৰ বাবেহে এই ৰোগ মাৰাত্মক বুলি প্ৰমাণিত হৈছে । গতিকে ৰোগী আৰু বৃদ্ধ লোকসকলে ইয়াৰ পৰা আঁতৰি থাকিবলৈ নিজকে বচাই চলিব লাগে ।
সম্প্ৰতি বিশেষজ্ঞসকলে কৰ’ণাৰ নতুন ভেৰিয়েণ্টৰ বাবে দিল্লীলৈ অহা ৰোগীক স্বাভাৱিক ইনফ্লুৱেঞ্জাৰ সৈতে মিল থকা বুলি অভিহিত কৰিছে ।
দিল্লীত ক’ৰণাৰ শেহতীয়া পৰিসংখ্যা :
- মুঠ সক্ৰিয় কৰ’ণাত আক্ৰান্ত ৰোগী : ৭২৮ জন
- যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ৪২ জন
- যোৱা ২৪ ঘণ্টাত সুস্থ হোৱা ৰোগী : ১০৪ জন
- জানুৱাৰী মাহৰ পৰা আৰোগ্য হোৱা মুঠ কৰ’ণা ৰোগীৰ সংখ্যা ১১২৮ জন
- জানুৱাৰী মাহৰ পৰা কৰাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৭ জন
গৌতম বুদ্ধ নগৰত কৰ'ণাৰ সক্ৰিয় ৰোগী : বিগত ২৪ ঘন্টাত গৌতম বুদ্ধ নগৰ জিলাত নতুনকৈ ৩ জন Covid-19 ৰোগী ধৰা পৰিছে, যাৰ বাবে আক্ৰান্ত ৰোগীৰ সংখ্যা ২২২ লৈ বৃদ্ধি পাইছে । এই ৰোগীসকলৰ ভিতৰত আছে ১৪২ জন পুৰুষ আৰু ৮০ গৰাকী মহিলা ।
এই ৰোগীসকলৰ অধিকাংশই হোম আইছ’লেশ্যনত আছে । মাত্ৰ ৬ জন ৰোগীকহে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । এচিএমঅ’ ডাঃ টিকম সিঙে কয়, "জিলাখনত আৰু তিনিজন ৰোগীৰ শৰীৰত Covid ধৰা পৰিছে । বৰ্তমান ৬ জন Covid ৰোগী চিকিৎসালয়ত ভৰ্তি হৈ আছে । জিলাখনত এতিয়ালৈকে হোম আইছ’লেশ্যনত থকা আটাইকেইজন ৰোগীৰ সৈতে কথা পাতিছে । সকলোৱে সুস্থ হৈ উঠিছে ।"