ETV Bharat / bharat

কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি; জৰুৰীকালীন প্ৰস্তুতিৰ আহ্বান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

অধিকাংশ ৰোগীয়েই ঘৰুৱা যত্নত আৰোগ্য লাভ কৰিব পাৰে বুলি জনাইছে স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াসকলে ৷

COVID ADVISORY TO STATES
প্ৰতীকী ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 8, 2025 at 6:19 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : বিগত ৪৮ ঘণ্টাত ভাৰতত নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে ৭৭০ গৰাকী ব্য়ক্তি ৷ যাৰ বাবে দেশত কৰ’ণাত আক্ৰান্ত হোৱা মুঠ ব্যক্তিৰ সংখ্যাই ৬০০০ ৰ ঘৰ অতিক্ৰম কৰিছে ৷ পৰিস্থিতি ভয়াৱহ হোৱাৰ পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ প্ৰতিখন ৰাজ্যকে পৰামৰ্শ জাৰি কৰি জৰুৰীকালীন অৱস্থাত মক ড্ৰিল কৰিবলৈ অনুৰোধ জনাইছে ।

দেওবাৰে প্রকাশ পোৱা স্বাস্থ্য মন্ত্র্যালয়ৰ তথ্য অনুসৰি দেশৰ ভিতৰতে সৰ্বাধিক কেৰালাত অব্যাহত আছে কৰ’ণাৰ সংক্ৰমণ ৷ তাৰ পাছতে আছে ক্ৰমে গুজৰাট, পশ্চিমবংগ আৰু দিল্লী ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে দেশত মুঠ ৬৫ জন লোকৰ কৰ’ণাত মৃত্যু ঘটিছে । মহাৰাষ্ট্ৰত সৰ্বাধিক ১৮ গৰাকী লোকৰ মৃত্যু ঘটিছে ৷

আনহাতে, কেৰালাত এতিয়ালৈকে ১২ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দিল্লী আৰু কৰ্ণাটকত ক্ৰমে ৭ গৰাকীকৈ লোকৰ মৃত্যু হৈছে । তামিলনাডুত কোভিড আক্ৰান্তৰ ভিতৰত ৫ গৰাকী আৰু উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট আৰু পঞ্জাবত ক্ৰমে দুগৰাকীকৈ লোক মৃত্যুমুখত পৰিছে ৷ বিপৰীতে পশ্চিমবংগ আৰু ৰাজস্থানত এজনকৈ লোকৰ মৃত্যু হৈছে ।

কেন্দ্ৰৰ মকড্ৰিলৰ পৰামৰ্শৰ লক্ষ্য আছিল জৰুৰীকালীন প্ৰস্তুতি পৰীক্ষা কৰা, অক্সিজেন, আইচ’লেশ্যন বেড, ভেণ্টিলেটৰ আৰু অত্যাৱশ্যকীয় ঔষধৰ উপলব্ধতা নিশ্চিত কৰা ৷ এই কথা প্ৰকাশ পাইছে চৰকাৰী বিজ্ঞপ্তিত ৷

মন্ত্ৰালয়ে জনোৱা মতে, বিগত ২৪ ঘণ্টাত ৬ গৰাকী লোকৰ মৃত্যু হৈছে । অধিকাংশ ৰোগীয়েই ঘৰুৱা যত্নত আৰোগ্য লাভ কৰিব পাৰে বুলি জনাইছে স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াসকলে ৷

স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান ডাঃ সুনীতা শৰ্মাই চলিত মাহৰ আৰম্ভণিতে বৰ্তমানৰ পৰিস্থিতিৰ মূল্যায়নৰ প্ৰয়াসত সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা কৰে । দুৰ্যোগ ব্যৱস্থাপনা কোষ, জৰুৰীকালীন ব্যৱস্থাপনা সঁহাৰি কোষ, নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল, ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ, ইণ্টিগ্ৰেটেড ডিজিজ চাৰ্ভিলেন্স প্ৰগ্ৰেম, দিল্লীৰ কেন্দ্ৰীয় চৰকাৰী চিকিৎসালয় আৰু প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিসকল এই আলোচনাৰ অংশ আছিল ।

স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াসকলে ইংগিত দিয়ে যে ইনফ্লুৱেঞ্জাৰ দৰে ৰোগ (আই এল আই) আৰু তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ওপৰত চকু ৰাখিবলৈ সংহত ৰোগ চোৱাচিতা কাৰ্যসূচীৰ অধীনত ৰাজ্য আৰু জিলাসমূহৰ চোৱাচিতা আৰু নিৰীক্ষণ বৃদ্ধি কৰা হৈছে ।

এজন বিষয়াই কয় যে গাইডলাইন অনুসৰি ভৰ্তি হোৱা সকলো SARI আৰু ILI ৰোগীৰ ৫ শতাংশৰ বাবে পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়া হৈছে ৷ তদুপৰি আক্ৰান্তসকলৰ SARI নমুনা আই চি এম আৰ ভি আৰ ডি এল নেটৱৰ্কৰ জৰিয়তে হোল জিনম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: মণিপুৰত ৫ দিনৰ বাবে বন্ধ ইণ্টাৰনেট আৰু ম’বাইল সেৱা