ৰাষ্ট্ৰসংঘৰ মজিয়াত পাকিস্তানৰ স্বৰূপ উদঙালে ভাৰতে
ৰাষ্ট্ৰসংঘৰ সন্ত্ৰাসবাদ বিৰোধী কাৰ্যালয়ত পাকিস্তানক বিশ্ব সন্ত্ৰাসবাদত ইন্ধন যোগোৱা অসৎ ৰাষ্ট্ৰ বুলি দেশখনৰ স্বৰূপ উদঙাই ভাৰতৰ উপ-স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত পেটেলে ।
By ANI
Published : April 29, 2025 at 12:23 PM IST
|Updated : April 29, 2025 at 1:06 PM IST
নতুন দিল্লী:শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক ভাৰতে তীব্ৰ গৰিহণা দি ২৬/১১ ৰ মুম্বাই আক্ৰমণৰ পিছত হোৱা আটাইতকৈ ভয়াৱহ অসামৰিক আক্ৰমণ বুলি অভিহিত কৰে ।
২২ এপ্ৰিলৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পটভূমিত ইছলামবাদে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা বুলি মুকলিকৈ স্বীকাৰ কৰাৰ অভিযোগ উত্থাপন কৰি ভাৰতে ৰাষ্ট্ৰসংঘত পাকিস্তানৰ ওপৰত বৃহৎ আক্ৰমণ চলায় ।
ৰাষ্ট্ৰসংঘত ভাৰতৰ উপ-স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত যোজনা পেটেলে কয় যে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে নিজৰ দেশৰ সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন আৰু পুঁজি প্ৰদানৰ ইতিহাস স্বীকাৰ কৰি পাকিস্তানক বিশ্ব সন্ত্ৰাসবাদত ইন্ধন যোগোৱা আৰু পৰিস্থিতি অস্থিৰ কৰি তোলা “অসৎ ৰাষ্ট্ৰ” বুলি দেশখনৰ স্বৰূপ উদঙাই দিয়ে ৷
সোমবাৰে ৰাষ্ট্ৰসংঘৰ সন্ত্ৰাসবাদ বিৰোধী কাৰ্যালয়ৰ ‘ভিক্টিমছ অৱ টেৰৰিজম এছ’চিয়েশ্যন নেটৱৰ্ক’ (ভোটান) ৰ বাবে হাইব্ৰিড লঞ্চ ইভেণ্টত যেতিয়া পাকিস্তানৰ প্ৰতিনিধিয়ে জম্মু-কাশ্মীৰত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰে, তেতিয়া পেটেলে এই শক্তিশালী প্ৰত্যুত্তৰ প্ৰদান কৰে ।
পেটেলে কয় ‘‘এটা বিশেষ প্ৰতিনিধি দলে অপপ্ৰচাৰত লিপ্ত হ’বলৈ আৰু ভাৰতৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰিবলৈ এই মঞ্চৰ অপব্যৱহাৰ আৰু ভেঙুচালি কৰিবলৈ বাছি লোৱাটো দুৰ্ভাগ্যজনক ।’’
‘‘শেহতীয়াকৈ টেলিভিছনৰ এক সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন, প্ৰশিক্ষণ আৰু পুঁজিৰ পাকিস্তানৰ ইতিহাস স্বীকাৰ কৰা সকলোৱে শুনিছে’’ বুলি পেটেলে ৰাষ্ট্ৰসংঘৰ মজিয়াত কয় ৷
একপ্ৰকাৰ দাবী কৰিয়েই পেটেলে কয়, "এই স্পষ্ট স্বীকাৰোক্তিটোৱে কাকো আচৰিত নকৰে ৷ বৰং পাকিস্তানক বিশ্ব সন্ত্ৰাসবাদত ইন্ধন যোগোৱা আৰু পৰিস্থিতি অস্থিৰ কৰি তোলা এখন অসৎ ৰাষ্ট্ৰ হিচাপেহে উদঙাই দিছে ৷ বিশ্বই আৰু চকু মুদিব নোৱাৰে । মোৰ ইয়াতকৈ আৰু একো যোগ কৰিবলগীয়া নাই ।"
শেহতীয়াকৈ স্কাই নিউজত দিয়া এক সাক্ষাৎকাৰত আছিফে কয় যে আপুনি জানে যে আমি প্ৰায় তিনিটা দশক ধৰি আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি পশ্চিমৰ বাবে এই লেতেৰা কাম কৰি আহিছো ।
আন এক মন্তব্যত তেওঁ স্বীকাৰ কৰে যে পাকিস্তানৰ এই সন্ত্ৰাসবাদী সংগঠনবোৰক সমৰ্থন, প্ৰশিক্ষণ আৰু পুঁজি যোগান ধৰাৰ এক দীঘলীয়া ইতিহাস আছে ।
লগতে পঢ়ক:চতুৰ্থবাৰৰ বাবে যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ; কুপৱাৰা-পুঞ্চ ছেক্টৰত নিশা গুলীচালনা পাক সেনাৰ