ETV Bharat / bharat

চতুৰ্থবাৰৰ বাবে যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ; কুপৱাৰা-পুঞ্চ ছেক্টৰত নিশা গুলীচালনা পাক সেনাৰ - PAKISTAN CEASEFIRE VIOLATION

২৭-২৮ এপ্ৰিলৰ নিশা পাকিস্তান সেনাই কুপৱাৰা আৰু পুঞ্চ জিলাৰ বিপৰীত অঞ্চলত নিয়ন্ত্ৰণ ৰেখাৰ ওপৰেৰে অপ্ৰৰোচিত ক্ষুদ্ৰ অস্ত্ৰৰে গুলীচালনা কৰে ।

PAKISTAN CEASEFIRE VIOLATION
প্ৰতিনিধিত্বমূলক ফটো (ANI)
author img

By ETV Bharat Assamese Team

Published : April 28, 2025 at 9:40 AM IST

3 Min Read

শ্ৰীনগৰ : জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত একেৰাহে চতুৰ্থ নিশা পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰাৰ লগতে কুপৱাৰা-পুঞ্চ খণ্ডত সৈন্যই অপ্ৰৰোচিত গুলীচালনা কৰে বুলি সোমবাৰে পুৱা বিষয়াসকলে প্ৰকাশ কৰে ।

কোনো লোক হতাহতিৰ খবৰ পোৱা নাই যদিও পৰিস্থিতি উত্তেজিত হৈ আছে । ভাৰতীয় সেনাই এক বিবৃতিত কয়, "২৭-২৮ এপ্ৰিলৰ নিশা পাকিস্তান সেনাৰ পোষ্টসমূহে কুপৱাৰা আৰু পুঞ্চ জিলাৰ বিপৰীত অঞ্চলত নিয়ন্ত্ৰণ ৰেখাৰ ওপৰেৰে অপ্ৰৰোচিতভাৱে ক্ষুদ্ৰ অস্ত্ৰৰে গুলীচালনা আৰম্ভ কৰিছিল আৰু তেওঁলোকে ইয়াৰ ‘দ্ৰুত আৰু ফলপ্ৰসূভাৱে’ সঁহাৰি জনাইছিল ।

পুঞ্চ খণ্ডত পাকিস্তান সেনাই প্ৰথমবাৰৰ বাবে যুদ্ধবিৰতি উলংঘা কৰিছিল । মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হোৱাৰ পিছত ভাৰত আৰু পাকিস্তানী সৈন্যৰ মাজত গুলীচালনা আৰম্ভ হয় ।

২২ এপ্ৰিলত ২৬ জন লোকৰ মৃত্যু হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত কাশ্মীৰ উপত্যকাত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ কৰাৰ সময়তো এল অ’ চিৰ কাষত উত্তেজনা অব্যাহত আছে ।

ভাৰতীয় সেনাই কয় যে আমাৰ সৈন্যই উপযুক্ত ক্ষুদ্ৰ অস্ত্ৰ নিক্ষেপ কৰি ফলপ্ৰসূভাৱে প্ৰতিশোধ লয় । ইফালে, কুলগাম আৰক্ষীয়ে সেনা আৰু চি আৰ পি এফৰ সৈতে সমন্বিত অভিযান চলাই দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত দুটা সন্ত্ৰাসবাদী সহযোগীক গ্ৰেপ্তাৰ কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰে ।

বিবৃতি অনুসৰি কাইমোহৰ মতালহামা চক থোকাৰপোৰাত স্থাপন কৰা এটা নিয়মিত তালাচী চকীত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয় । তেওঁলোকৰ তালাচীৰ সময়ত নিৰাপত্তা বাহিনীয়ে দুটা পিষ্টল, দুটা পিষ্টলৰ মেগজিন আৰু ২৫ জাঁই পিষ্টলৰ গুলী উদ্ধাৰ কৰে । কাইমোহত আৰক্ষী থানা সংশ্লিষ্ট আইনৰ ধাৰাত গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে ।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত লস্কৰ-ই-তৈবাৰ সৈতে জড়িত পাকিস্তান ভিত্তিক এটা সন্ত্ৰাসবাদী সংগঠনৰ ভূমিকা পোহৰলৈ অহাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক আৰু অধিক অৱনতি ঘটিছে । পুলৱামা আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰত সংঘটিত হৈছে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ ।

পাকিস্তানৰ সামৰিক এটেচক বহিষ্কাৰ কৰা, ছয় দশকৰো অধিক পুৰণি সিন্ধু জল চুক্তি স্থগিত ৰখা আৰু আটাৰীৰ লেণ্ড-ট্ৰেনজিট পোষ্ট তাৎক্ষণিকভাৱে বন্ধ কৰাকে ধৰি ভাৰতে পাকিস্তানৰ ওপৰত কেইবাটাও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

দেওবাৰে শ্ৰীনগৰত জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ সৈতে নিৰাপত্তা পৰ্যালোচনা বৈঠকত মিলিত হয় । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সেনাবাহিনীক সৰ্বাধিক শক্তি প্ৰয়োগ কৰিবলৈ কয় উপ-ৰাজ্যপালগৰাকীয়ে । ইফালে নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থীৰ ঘৰ ভাঙি তেওঁলোকৰ সহযোগী (OGW) আৰু সমৰ্থকলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণৰ কাম অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : যুদ্ধবিৰতি উলংঘা কৰি একেৰাহে তৃতীয় নিশা গুলীবৰ্ষণ পাকিস্তানৰ; ভাৰতেও দিলে যোগ্য প্ৰত্যুত্তৰ

হাহাকাৰ লাগিছে পাকিস্তানত ! সীমান্তত ভাৰতলৈ নিৰ্বিচাৰ গুলীচালনা পাকিস্তানী সেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.