মহানগৰীত ড্ৰাগছ সৰবৰাহকাৰীৰ টিঘিলঘিলনি - Operation against Drugs

By ETV Bharat Assamese Team

Published : May 21, 2024, 12:19 PM IST

thumbnail
মহানগৰীত ড্ৰাগছ সৰবৰাহকাৰীৰ টিঘিলঘিলনি (etv bharat assam)

গুৱাহাটী, 21 মে’ : গুৱাহাটীৰ খানাপাৰাত পুনৰ STF ৰ ড্ৰাগছৰ বিৰোধী অভিযান । খানাপাৰ উৰণ সেতুৰ সমীপৰ গৰম বজাৰত সোমবাৰে STF এ এই অভিযান চলায় ৷ এই অভিযানত অভিযানকাৰী দলটোৱে জব্দ কৰে 29  টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ । লগতে আৰক্ষীয়ে প্ৰায় 6,600 টকা নগদ ধনৰ লগতে 5 টাকৈ চুৰি ম’বাইল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে, STF এ এক গোপন সূত্ৰৰ পম খেদি গৰম বজাৰত এই অভিযান চলায় । এই অভিযানত অভিযানকাৰী দলটোৱে এজন যুৱকৰ লগতে এগৰাকী মহিলাক আটক কৰে । ধৃত বিকাশ ছেত্ৰী নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি ত্ৰিপুৰাৰ এগৰাকী মহিলাৰ সৈতে লগ হৈ ড্ৰাগছৰ বেহা চলাই আছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

ইয়াৰ পাচতে অধিক তদন্তৰ বাবে STF এ দিছপুৰ থানাত এক গোচৰ ৰুজু কৰি পুনৰ অভিযান চলাব বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, দেওবাৰে STF এ খানাপাৰাত এক অভিযান চলাই 92 হাজাৰ টকাৰ নকল নোট জব্দ কৰাৰ লগতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক: ছত্তীশগড়ত মৰ্মান্তিক দুৰ্ঘটনা, ১৯ গৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু - Kawardha accident

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.