ETV Bharat / state

শাসক-বিৰোধীৰ শক্তিশালী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 4:36 PM IST

Heavy weight candidates files nomination: অসমৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰে বহুকেইগৰাকী প্ৰাৰ্থীয়ে । মনোনয়ন দাখিল কৰে বিজেপিৰ সৰ্বানন্দ সোণোৱাল আৰু প্ৰদান বৰুৱাই । সমান্তৰালভাৱে কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু ৰ'জলীনা তিৰ্কীৰ লগতে অজাপৰ লুৰীণজ্যোতি গগৈয়েও দাখিল কৰে মনোনয়ন পত্ৰ ।

Filing of nomination papers of powerful candidates of ruling-opposition in Assam
শাসক-বিৰোধীৰ শক্তিশালী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

গুৱাহাটী,২৬ মাৰ্চ: অসমত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে মঙলবাৰে শাসকীয় দল বি জে পি আৰু বিৰোধী দল কংগ্ৰেছৰ ক্ৰমে দুগৰাকী শক্তিশালী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । বি জে পিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বি জে পিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি আজি‌‌ মনোনয়ন পত্ৰ দাখিল কৰে । ইপিনে সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ‌ গগৈয়ে আজি যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে ।

আনহাতে কংগ্ৰেছৰ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে আৰু লখিমপুৰৰ বি জে পিৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাই মনোনয়ন পত্ৰ দাখিল‌ কৰে । উল্লেখ্য যে, ডিব্ৰুগড়ৰ ফুলবাগানস্থিত পুৰণি হাইস্কুল খেলপথাৰৰ পৰা বৃহৎ পদযাত্ৰা কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত সোণোৱালে মনোনয়ন দাখিল কৰে । মনোনয়ন দাখিলৰ সময়ত সোণোৱালক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ডিব্ৰুগড় লোকসভাৰ সাংসদ ৰামেশ্বৰ তেলী আদিয়ে সংগ দিয়ে ।

ইপিনে যোৰহাটত বৃহৎ পদযাত্ৰা কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ গৌৰৱ‌ গগৈয়ে দাখিল কৰে । মনোনয়ন দাখিলৰ সময়ত গৌৰৱ‌ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, ৰকিবুল‌ হুছেইন আৰু ৰাইজৰ দলৰ সভাপতি অখিল‌ গগৈয়ে সংগ দিয়ে । আনহাতে সোণোৱালৰ বিৰুদ্ধে যুজত অৱতীৰ্ণ হোৱা ডিব্ৰুগড় সমষ্টিৰ বিৰোধীৰ শক্তিশালী প্ৰাৰ্থী অজাপৰ লুৰীণজ্যোতি গগৈয়েও আজি ব্যাপক সংখ্যক সদস্য-সমৰ্থকক লৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল‌ কৰে । মনোনয়ন দাখিলৰ সময়ত লুৰীণজ্যোতি গগৈক প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু অখিল গগৈয়ে সংগ দিয়ে ।

উল্লেখযোগ্য যে আজি ডিব্ৰুগড় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰা বি জে পিৰ সৰ্বানন্দ সোণোৱাল আৰু অজাপৰ লুৰীণজ্যোতি গগৈৰ মাজতে যুঁজ‌ হ'ব বুলি ৰাজনীতিক বিশেষজ্ঞসকলে পূৰ্বানুমান কৰিছে । ইপিনে বৰ্তমানৰ সাংসদ তথা বি জে পিৰ যোৰহাটৰ প্ৰাৰ্থী তপন গগৈৰ বিৰুদ্ধে গৌৰৱ‌‌ গগৈয়ে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ৰাজনৈতিক মহলত চৰ্চা হৈছে ।

উল্লেখ্য যে প্ৰথম পৰ্যায়ত যোৰহাট, ডিব্ৰুগড় কাজিৰঙা, নগাঁও, লখিমপুৰৰ পাঁচটা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব । মনোনয়ন দাখিলৰ অন্তিম দিন ২৭ মাৰ্চ নিৰ্দ্ধাৰণ কৰা হৈছে । মনোনয়ন পৰীক্ষণৰ অন্তিম দিন ২৮ মাৰ্চ । মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৩০ মাৰ্চ । যোৰহাট, ডিব্ৰুগড় কাজিৰঙা, নগাঁও, লখিমপুৰৰ পাঁচটা লোকসভা সমষ্টিত ভোট গ্ৰহণৰ দিন ১৯ এপ্ৰিল ধাৰ্য কৰা হৈছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী-দলীয় সভাপতিক কাষত লৈ মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱালৰ - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.