মুখ্যমন্ত্ৰী-দলীয় সভাপতিক কাষত লৈ মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱালৰ - LOK SABHA ELECTION 2024
Sarbananda Sonowal files nomination: মনোনয়নপত্ৰ দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে ৷ হাজাৰ-হাজাৰ লোকৰ লগতে উপস্থিত থাকিল মুখ্যমন্ত্ৰী ড৹ শৰ্মাও ৷ ডিব্ৰুগড়ত লুৰীণজ্য়োতি গগৈয়ে 40ৰ পৰা 60 হাজাৰ ভোট লাভ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷

Published : March 26, 2024 at 3:48 PM IST
ডিব্ৰুগড়, 26 মাৰ্চ: মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে কেন্দ্ৰীয় মন্ত্ৰী তথা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে । মনোনয়ন দাখিলৰ পূৰ্বে সৰ্বানন্দ সোণোৱালক লৈ বিজেপি আৰু অগপৰ ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত ডিব্ৰুগড়ৰ ফুলবাগানস্থিত পুৰণি হাইস্কুল খেলপথাৰত বিশাল সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে সভাস্থলীৰ কাষত থকা নামঘৰত সেৱা ল’লে সৰ্বানন্দ সোণোৱালে ।
সভাত অংশগ্ৰহণ কৰি বিশাল শোভাযাত্ৰাৰে ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যায় সৰ্বানন্দ সোণোৱাল । পদযাত্ৰাৰে অহা সৰ্বানন্দ সোণোৱালক শুভেচ্ছা জনালে হাজাৰ হাজাৰ সমৰ্থকে । সৰ্বানন্দ সোণোৱালক শুভেচ্ছা দিবলৈ লখিমপুৰৰ পৰা আহি ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও । ইয়াৰ পিচতে মুখ্যমন্ত্ৰী, দলীয় সভাপতিক কাষত লৈ মনোনয়ন দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে ।
সৰ্বানন্দ সোণোৱালৰ মনোনয়নৰ সময়ত সহযোগিতা কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, মন্ত্ৰী বিমল বড়া, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপৰিও ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সকলো বিধায়কে । মনোনয়ন দাখিল কৰি বিপুল ভোটত জয়লাভ কৰিব বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে । সকলোৰে আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ৷
মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ডিব্ৰুগড়ত 2.50 লাকৰ পৰা 3 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব সৰ্বানন্দ সোণোৱালে ৷ বিপৰীতে লুৰীণজ্যোতি গগৈয়ে 40ৰ পৰা 60 হাজাৰ ভোট লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যদ্বাণী কৰে ৷
লগতে পঢ়ক: ভূপেন বৰাৰ বাবে সাজু কৰি থোৱা আছে দুটাকৈ সমষ্টি : মুখ্যমন্ত্ৰী

