ETV Bharat / politics

প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰে কোনো প্ৰভাৱ নেপেলায় : অতুল বৰা - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 10:26 PM IST

Dhubri Lok Sabha constituency
মন্ত্ৰী অতুল বৰা

Dhubri Lok Sabha constituency: বঙাইগাঁও জিলাৰ যোগীঘোপা অঞ্চলত অগপৰ নিৰ্বাচনী সভাত মন্ত্ৰী অতুল বৰা । ধুবুৰী লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ চলালে প্ৰচাৰ ।

মন্ত্ৰী অতুল বৰা

বঙাইগাঁও, ৩০ এপ্ৰিল : বঙাইগাঁও জিলাৰ যোগীঘোপাত মঙলবাৰে ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অগপৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফ-ক তীব্ৰ সমালোচনা কৰে ।

অগপৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰি কয়, "ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিলে, কিন্তু বিগত ৫ খন ৰাজ্যৰ নিৰ্বাচনত কি হ'ল ? প্ৰিয়ংকা গান্ধীয়ে ধুবুৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহি এখন নতুন ছবি দেখিব । কংগ্ৰেছৰ দিনৰ ছবি আৰু এতিয়া উন্নয়নৰ ছবি" ৷ ধুবুৰী সমষ্টিত প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ প্ৰসংগত কয় যে, এই প্ৰচাৰে একো প্ৰভাৱ নেপেলায় ।

অগপৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে পুনৰ কয়, "যোগীঘোপাৰ বেছিভাগ লোকেই শ্ৰমিক । শ্ৰমিকৰ সমস্য়া ৰকিবুল হুছেইনে সমাধান কৰিব নোৱাৰে । যিগৰাকী ব্য়ক্তিয়ে ঘৰৰ কাষত থকা গঁড় কেইটাকেই সুৰক্ষা দিব নোৱাৰিলে, তেওঁ ৰাইজৰ সমস্য়া সমাধান কৰিব নোৱাৰে"৷

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ পুনৰ কয়, "কংগ্ৰেছৰেই একতা নাই, কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ কি ঐক্য থাকিব ? কংগ্ৰেছৰ মাজতেই ঐক্য় নাই । তেওঁলোকৰ কেইজনমানে প্ৰদ্য়ুৎ বৰদলৈকো বাঁহ দিছে" ৷ দেশত বিৰোধীৰ মাজতেই ঐক্য় নাই বুলি মন্তব্য় কৰি তেওঁ কয়, "আমি ইয়াত ১৪ টা সমষ্টিতেই জিকিম" ৷

অগপৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে এ আই ইউ ডি এফ-ক তীব্ৰ সমালোচনা কৰি কয়," ধুবুৰীৰ ৰাইজে আজমল মুক্ত ধুবুৰী বিচাৰে, কংগ্ৰেছ মুক্ত ধুবুৰী বিচাৰে । এইবাৰ জৰা-ফুকাই কাম নিদিয়ে । দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণ হ'ব আৰু জাভেদ ইছলাম ওলাই যাব । ৰাইজে এতিয়া বুজি পাইছে । আমাৰ প্ৰাৰ্থীগৰাকী শক্তিশালী । তেওঁ এজন জনতাৰ মানুহ" ৷ এইবাৰ ধুবুৰী সমষ্টিত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব বুলি তেওঁ মন্তব্য় কৰে ।

তেওঁ পুনৰ কয় যে, এইবাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে হাতীৰ ছবিত অৰ্থাৎ অগপক ভোটদান কৰিব । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰ একাংশ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে । ইপিনে, শুকুৰ আলী বিজয়ী হ'লে ভাল পাব বুলিও তেওঁ মন্তব্য় কৰে ।

লগতে পঢ়ক: ক'ভিডকালত ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ থাকিলে কি হ'লহেঁতেন, মুখ্যমন্ত্ৰীৰ বাখ্যা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.