ETV Bharat / politics

এবছুৰ সমৰ্থন এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীলৈ; হাগ্ৰামাকো ক'লে যুঁজ এৰি কৰক সমৰ্থন - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 6:03 PM IST

ABSU support NDA: অহা ৭ মে'ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । অসমত তৃতীয় পৰ্যায়ৰ চাৰিটা সমষ্টিৰ ভিতৰত অন্যতম হৈছে কোকৰাঝাৰ লোকসভা সমষ্টি । বড়োভূমিত বিশেষ প্ৰভাৱ থকা নিখিল বড়ো ছাত্ৰ সন্থাই এই নিৰ্বাচনত মুকলিকৈ সমৰ্থন জনাইছে এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ।

Lok Sabha Election 2024
ABSU support NDA

জয়ন্ত বসুমতাৰীলৈ সমৰ্থন এবছুৰ

কোকৰাঝাৰ ৩০ এপ্ৰিল: অনুসূচিত জনজাতিৰ বাবে এক নং কোকৰাঝাৰ লোকসভা সমষ্টিত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীলৈ পোনপটীয়া তথা মুকলি সমৰ্থনৰ আগবঢ়াইছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে ৷ লগতে বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীকো এনডিএৰ প্ৰাৰ্থীলৈ সমৰ্থন কৰিবলৈ আহ্বান এবছুৰ সভাপতি দ্বীপেন বড়োৰ ৷

মঙলবাৰে কোকৰাঝাৰ চহৰস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউচত আয়োজিত এখন সংবাদমেলত এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীলৈ সংগঠনটোৱে পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷ এজেণ্ডা আৰু ইচ্ছু ৰূপায়ণৰ স্বাৰ্থত, বিটিআৰৰ চুক্তি মৰ্মে গাঁও অন্তৰ্ভুক্তিকৰণ, সীমা সম্প্ৰসাৰণ, ৬০ টা সমষ্টি গঠন, কাৰ্বি আংলঙৰ বড়োসকলৰ সমস্যা সমাধান আদিৰ স্বাৰ্থত জয়ন্ত বসুমতাৰীক পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা সদৰী কৰে দ্বীপেন বড়োৱে ।

আনহাতে ভেদাভেদ সংঘাত পাহৰি ঐক্য-শান্তিৰ স্বাৰ্থত, বিটিআৰক আগুৱাই নিয়াৰ স্বাৰ্থত এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক সমৰ্থন কৰিবলৈ বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ দলৰ সকলো সদস্যলৈ আহ্বান জনায় এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।

জয়ন্ত বসুমতাৰী শান্তিৰ প্ৰতীক, উন্নয়নৰ প্ৰতীক বুলি মন্তব্য কৰি সমষ্টিটোৰ বিভিন্ন ধৰ্মালম্বী আৰু সকলো জাতি-জনগোষ্ঠীৰ ৰাইজকে এনডিএ প্ৰাৰ্থীক ভোটদান কৰিবলৈও আহ্বান জনাইছে এবছুৰ সভাপতিগৰাকীয়ে ৷

ইপিনে দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিপিএফে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ জৰিয়তে হাগ্ৰামাই আওপকীয়াকৈ এনডিএৰ প্ৰাৰ্থীকে সহায় কৰিছে বুলি মন্তব্য কৰে এবছুৰ সভাপতিগৰাকীয়ে । তেওঁ কয় যে, কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফে দল আৰু দলৰ চিহ্ন বচোৱাৰ বাবেহে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ কোকৰাঝাৰত মূল যুঁজ এনডিএ আৰু কংগ্ৰেছৰ মাজত হ'ব আৰু বিপিএফ চাৰি নম্বৰত থাকিব বুলি মন্তব্য কৰে দ্বীপেন বড়োৱে ৷

উল্লেখ্য যে, অহা ৭ মে'ত দেশৰ আন প্ৰান্তৰ লগতে অসমৰ ৪ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । এই সমষ্টিকেইটা হৈছে কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী । কোকৰাঝাৰ সমষ্টিৰ পৰা গণ সুৰক্ষা পাৰ্টীৰ নেতা নৱ কুমাৰ শৰণীয়া দুবাৰকৈ সাংসদ হৈছিল যদিও এইবাৰ নিৰ্বাচনৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ জনজাতি প্ৰমাণপত্ৰ অবৈধ বুলি ঘোষণা কৰাত শৰণীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিলে ।

লগতে পঢ়ক: অমিত শ্বাহৰ ৰোড শ্ব’ত মন্ত্ৰী পীযুষৰ উগ্ৰমূৰ্তি - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.