ETV Bharat / bharat

নিৰ্বাচনী কৰ্তব্যত কৰ্মৰত অৱস্থাত অসুস্থ; উত্তৰ প্ৰদেশত নিহত মণিপুৰৰ সেনা জোৱান - lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 4:25 PM IST

Manipur Soldier Dies on Election Duty : উত্তৰ প্ৰদেশৰ ললিতপুৰত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত কৰ্তব্যৰত অৱস্থাত মণিপুৰৰ এজন সেনা জোৱানৰ স্বাস্থ্যৰ অৱনতি ঘটে । তেওঁক ঝান্সি চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও তাত তেওঁ মৃত্যুবৰণ কৰে ।

Manipur Soldier Dies on Election Duty
নিৰ্বাচনী কৰ্তব্যত কৰ্মৰত অৱস্থাত মণিপুৰৰ জোৱানৰ মৃত্যু (ETV Bharat)

নিউজ ডেস্ক, ২০ মে' : সোমবাৰে দেশৰ ৮ ৰাজ্যৰ ৪৯ টা সমষ্টিত অনুষ্ঠিত হৈছে পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰো ২১ খন জিলাত ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে । এই ২১ খন জিলাৰ ভিতৰত এখন হৈছে ললিতপুৰ । জিলাখনত ঝান্সি-ললিতপুৰ আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । আনহাতে, ভোটদান প্ৰক্ৰিয়া যাতে শান্তিপূৰ্ণভাৱে পৰিচালিত হয় তাৰ বাবে সেনা বাহিনীকো নিয়োগ কৰা হৈছে । তেনে ধৰণৰ নিৰ্বাচনী কৰ্তব্যত নিয়োজিত হৈছে আন ৰাজ্যৰ সেনা জোৱানো ।

কিন্তু কৰ্তব্যত নিয়োজিত হৈ থকা অৱস্থাতে দেওবাৰে নিশা মণিপুৰৰ এজন সেনা জোৱানৰ স্বাস্থ্যৰ অৱনতি ঘটে । তেওঁক ততাতৈয়াকৈ ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় । পিচত তেওঁৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে তেওঁক ঝান্সি চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । কিন্তু তাত তেওঁক চিকিৎসকে মৃত ঘোষণা কৰে ।

উল্লেখ্য যে ঝান্সি-ললিতপুৰ লোকসভা আসনৰ বাবে বৰ্তমান ভোটগ্ৰহণ চলি আছে । সমষ্টিটোত ২১ লাখতকৈও অধিক ভোটাৰ আছে । ইফালে দেওবাৰে ভোটগ্ৰহণৰ বাবে বিভিন্ন ভোটকেন্দ্ৰত নিয়োজিত নিৰ্বাচনী বিষয়া আৰু সুৰক্ষাকৰ্মীৰ দলবোৰে ঝান্সীৰ ভোজলা মাণ্ডিৰ পৰা ৰাওনা হয় । কৰ্মচাৰীসকলে সন্ধিয়া সময়ত গৈ তেওঁলোকৰ কৰ্তব্যস্থলীত উপস্থিত হয় । এই নিৰ্বাচনত আন ৰাজ্যৰ নিৰাপত্তাকৰ্মীয়েও দায়িত্ব গ্ৰহণ কৰিছে । তাৰে ভিতৰত মণিপুৰৰ এজন আইআৰবিৰ (ভাৰতীয় সংৰক্ষিত বেটেলিয়ন) সেনা জোৱান হোজামাঙেও (৫৪) কৰ্তব্যত যোগদান কৰিছিল ।

তেওঁক মিৰ্চৱাৰা গাঁৱৰ ভোটকেন্দ্ৰত নিযুক্তি দিয়া হৈছিল । তাতেই হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে । ফলত ঘটনাস্থলীত হুৱাদুৱা লাগি পৰে । খৰখেদাকৈ তেওঁক সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও তেওঁৰ অৱস্থা গুৰুতৰ হৈ পৰাত চিকিৎসকে তেওঁক ঝান্সি চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । তেওঁক চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও তাত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । এই সন্দৰ্ভত জিলা আৰক্ষী অধ্যক্ষক মহম্মদ মোস্তাকে জনোৱা মতে, জোৱানজন এগৰাকী ডায়েবেটিছ ৰোগী আছিল । তেওঁৰ ৰক্তচাপো হ্ৰাস হৈছিল ।

আনহাতে, দেওবাৰে সন্ধিয়াই তালবেহাটৰ গণেশপুৰা খাণ্ডি প্ৰাথমিক বিদ্যালয়তো এজন ভোটগ্ৰহণ কৰ্মী অসুস্থ হৈ পৰে । লখন লাল (৫১) নামৰ নিৰ্বাচন কৰ্মীগৰাকীক লগে লগে তালবেহাট সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় । তাৰ পৰা তেওঁক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচন : 1 বজালৈকে সামগ্ৰিক ভোটদানৰ হাৰ 36.73% - Lok Sabha Election 2024
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.