বাঘজানত একেদিনাই দুজনীকৈ বোৱাৰী সন্ধানহীন

By

Published : Aug 19, 2022, 8:11 PM IST

thumbnail

তিনিচুকীয়াৰ বাঘজানত সংঘটিত হৈছে এক নিৰুদ্দেশৰ ঘটনা (Two women missing in Tinsukia) । সন্ধানহীন দুগৰাকীকৈ বোৱাৰী । অতুল মৰাণৰ পত্নী ববী মৰাণ (২৬) আৰু পোহেন মৰাণৰ পত্নী মাইনু মৰাণ (৩০)। ক’লৈ আৰু কি উদ্দেশ্যে ওলাই গ'ল মহিলা দুগৰাকী, জ্ঞাত নহয় পৰিয়ালৰ লোক । ববী মৰাণ নামৰ বোৱাৰী গৰাকীয়ে ঘৰৰ পৰা লাগতিয়াল নথি-পত্ৰৰ আৰু আ-অলংকাৰৰ লগতে প্ৰায় 6 হাজাৰ টকা লৈ গৈছে বুলি জানিবলৈ দিয়ে তেওঁৰ স্বামীয়ে । ববী মৰাণ নামৰ বোৱাৰী গৰাকীয়ে দুগৰাকীকৈ কণমানি কন্যা সন্তান এৰি থৈ গৈছে (Tinsukia women missing news)৷ আনহাতে, মাইনু মৰাণ নামৰ বোৱাৰী গৰাকীয়ে তিনিটাকৈ পুত্ৰ সন্তান এৰি থৈ গৈছে । দুগৰাকী বোৱাৰী সন্ধানহীন (Two married women missing in Baghjaan) হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । দুয়োটা পৰিয়ালত বিৰাজ কৰিছে শোকাকুল পৰিৱেশ । বোৱাৰী দুগৰাকীৰ সন্ধান লাভৰ বাবে পৰিয়ালৰ লোকে সহায় বিচাৰিছে আৰক্ষী প্ৰশাসনৰ লগতে সমগ্ৰ অসমবাসীৰ । কোনোবাই সন্ধান পালে 6900914847, 9394412058 এই দুটা নম্বৰত জনাবলৈ আহ্বান জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.