মৰাণত জব্দ অবৈধ কাঠফলা যন্ত্ৰ

By

Published : Sep 3, 2021, 6:11 PM IST

thumbnail
ৰাজ্যত অব্যাহত আছে বন ধ্বংসযজ্ঞ । একাংশ দুস্কৃতিকাৰীয়ে হাবি-বন ধ্বংস কৰি কাঠৰ অবৈধ ব্যৱসায় চলাই আহিছে । অসমৰ বহু স্থানত এনে অবৈধ ব্যৱসায় গঢ়ি উঠা দেখা গৈছে । লগতে বহু স্থানত অবৈধ কাঠফলা মিল চলাই থকাৰো অভিযোগ উত্থাপন হৈ আহিছে । ডিব্ৰুগড় জিলাতো তেনেকুৱা অবৈধ কাঠৰ মিল গঢ়ি উঠিছে । ডিব্ৰুগড় জিলাৰ খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বহু অঞ্চলত তেনে কাঠ ফলা মিল গঢ়ি উঠাৰ এক অভিযোগ উঠাৰ পাছতে সষ্টম বন বিভাগ । বন বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযানত প্ৰায় তিনিটাকৈ অবৈধ কাঠফলা যন্ত্ৰ জব্দ কৰা হয় । মৰাণৰ বামুনবাৰী বৰপথাৰ, গজপুৰীয়া আৰু পানীতোলাৰ পৰা বন বিভাগ আৰু আৰক্ষীয়ে জব্দ কৰে যন্ত্ৰ কেইটা । অৱশ্যে অবৈধ মিল চলাই অহা কোনো এজন ব্যক্তিকো আটক কৰিব নোৱাৰিলে আৰক্ষীয়ে । অভিযোগ অনুসৰি সেই অঞ্চলটোত আৰু কেইবাটাও কাঠফলা মিল আছে । কিন্তু বন বিভাগৰ লোকসকল মেনেজ হোৱাৰ ফলত তাত প্ৰশাসনে অভিযান নচলাই । অৱশ্যে এইবাৰ তিনিটাকৈ যন্ত্ৰ জব্দ কৰা হৈছে যদিও সচেতন নাগৰিকে এতিয়া প্ৰশ্ন কৰিছে যে বাকী থকা অবৈধ মিলত আৰক্ষী তথা বন বিভাগে অভিযান কেতিয়া চলাব ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.