জল বিস্ফোৰণত নিহত অভিযন্তা অনুপম শইকীয়াৰ মৃত্যুত যোৰহাটত শোকৰ ছাঁ

By

Published : Mar 26, 2022, 7:02 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail
নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত জল বিস্ফোৰণত(Water explosion at Neepco Hydro Power Plant) নিহত যোৰহাটৰ অভিযন্তা অনুপম শইকীয়াৰ (Jorhat Engineer's death in Water explosion in Umrangsu) মৃত্যুত যোৰহাটৰ বৰিগাঁও বৰবৰুৱা টেকেলা গাঁৱত এতিয়া পৰিছে শোকৰ ছাঁ ৷ পুত্ৰ বিয়োগৰ এই বাতৰি শুনি অভিযন্তাগৰাকীৰ পিতৃ অৱসৰ প্ৰাপ্ত চুবেদাৰ মেজৰ দিগন্ত কুমাৰ শইকীয়া আৰু মাতৃ ইতিমধ্যে উমৰাংচুলৈ ৰাওনা হৈছে ৷ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক অনুপমে ২০১৩ চনত নীপকোত যোগদান কৰিছিল ৷ মৃত্যুৰ সময়ত অনুপমে পিতৃ-মাতৃৰ উপৰিও পত্নীসহ এটি ৭ মহীয়া পুত্ৰ সন্তান এৰি থৈ গৈছে ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.