Train accident in Chandranathpur: চলন্ত ৰে’লত বাগৰি পৰিল বৈদ্যুতিক খুঁটা

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 10:51 PM IST

thumbnail

কৰিমগঞ্জ,৬ ছেপ্টেম্বৰ: বৰাকত বুধবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ৷ ১২৫১৬ নং শিলচৰ-কয়াম্বাটুৰ এক্সপ্ৰেছখন দুৰ্ঘটনাত পতিত হয় ৷ বৰাকৰ চন্দ্ৰনাথপুৰ ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা ৷ জানিব পৰা মতে চলন্ত ৰে’লখনৰ ওপৰত হঠাতে বাগৰি পৰে বৈদ্যুতিক খুঁটা ৷ অৱশ্যে সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ কথা জানিব পৰা হোৱা নাই ৷

শিলচৰৰ পৰা তামিলনাডুলৈ যোৱাৰ পথত চন্দ্ৰনাথপুৰ ৰে’ল ষ্টেচনৰ সমীপত দুৰ্ঘটনাত পতিত হয় ৰে’লখন ৷ এই ঘটনাৰ পাচত প্ৰায় ২ ঘন্টা উক্ত স্থানত আৱদ্ধ হৈ পৰে ট্ৰেইনখন ৷ ৰে’লখনৰ পৰা বৈদ্যুতিক খুঁটা আঁতৰোৱাৰ পাচতহে যাত্ৰীবাহী ৰে’লখনে পুনৰ যাত্ৰা আৰম্ভ কৰে ৷ ইফালে এই ঘটনাক কেন্দ্ৰ কৰি যাত্ৰীৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় ৷

লগতে পঢ়ক: Goods train ran over workers: ওড়িশাত পুনৰ ৰে’ল দুৰ্ঘটনা; ছয়জন শ্ৰমিকৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.