Anti filaria medicines:বিশ্বনাথত ফাইলেৰিয়া (গোধা) নিৰ্মূল অভিযানৰ ঔষধ খাই ছাত্র-ছাত্ৰী অসুস্থ

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 6:17 PM IST

thumbnail

বিশ্বনাথ, ৩১ আগষ্ট : ৩১ আগষ্ট পৰা ৯ ছেপ্টেম্বৰলৈ বিশ্বনাথ জিলাত বিশ্বনাথ জিলা স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে ফাইলেৰিয়া (গোধা) নিৰ্মূল অভিযান । কিন্তু এই অভিযান আৰম্ভ কৰোতেই লাগিল অথন্তৰ । স্বাস্থ্য বিভাগে বিদ্যালয়ে বিদ্যালয়ে ফাইলেৰিয়া ৰোগ নিৰ্মূল কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিছিল বিনামূলীয়া ঔষধ ।

বিশ্বনাথ ঘাটৰ ফকৰুদ্দিন আলি আহমেদ হাইস্কুলৰ কণ-কণ ছাত্ৰ-ছাত্ৰীক বিশ্বনাথ স্বাস্থ্য বিভাগ প্ৰদান কৰিছিল বিনামূলীয়া ডি.ই.চি আৰু এলবেণ্ডাজল টেবলেট । এই টেবলেত খোৱাৰ পিচতে বিদ্যালয়ৰ ২৫ গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰী বিদ্যালয়তে অচেতন হৈ ঢলি পৰে । লগে লগে হুৱা-দুৱা লাগে বিদ্যালয়খনত ।

ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীসকলক বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছে । স্থানীয় লোক আৰু অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীসকলক কোনো ধৰণৰ পৰীক্ষা-নিৰীক্ষা নকৰাকৈ স্বাস্থ্য বিভাগে এই ঔষধ প্ৰদান কৰাৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Filaria Treatment Campaign:শোণিতপুৰত ফাইলেৰিয়া ৰোগত আক্ৰান্ত ৪৯

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.