Bhabesh Kalita: কনিষ্ঠক মৰম, জ্যেষ্ঠক সন্মান জনাই আগবাঢ়ে বিজেপি; ভৱেশ কলিতা

By

Published : Jul 14, 2023, 8:47 PM IST

thumbnail

ৰঙিয়া, 14 জুলাই: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু বিপিএফৰ মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘বিজেপি দলৰ বহুত নিয়ম থাকে । ভৱেশ কলিতাই অকলে ক’লে নহ’ব । ভৱেশ কলিতাৰ ওপৰতো ৰাষ্ট্ৰীয় সমিতি আছে, মুখ্যমন্ত্ৰী আছে ৷ আটাইবিলাকে বহি চিন্তা চৰ্চা কৰিব যে কাৰ লগত বিজেপি থাকিব ৷’’

আনহাতে পুৰণি বিজেপিক লগত লৈ বিজেপি দল কেনেদৰে আগবাঢ়িব সেই সন্দৰ্ভত মন্তব্য কৰি কয় যে বিজেপি দলে কনিষ্ঠক মৰম, জ্যেষ্ঠক সন্মান জনাই আগবাঢ়ে ৷ 1980 ৰ আগত বা 1980 ৰ পিচত কাম কৰা লোকসকলে যথেষ্ট কষ্টত কাম কৰিছে ৷ সেইসকলক লগত লৈ আগবাঢ়িছে বিজেপি দল আৰু তেওঁলোকক মান সন্মান জনাই আগবাঢ়িব বিজেপি দল ৷

লগতে তেওঁ কয়, ‘‘বিবদমান ঠাইত সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় দানৰ পিচত ৰাম মন্দিৰ নিৰ্মাণৰ কাম বিজেপি চৰকাৰে হাতত লৈছিল ৷ ২০২৪ ৰ এপ্ৰিলৰ আগতে ৰাম মন্দিৰ আনুষ্ঠানিকভাৱে উদ্বোধন হ’ব । প্ৰভু ৰামৰ ভক্তসকলে পুজা অৰ্চনা কৰিব পাৰিব ।’’ এই মন্তব্য প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদো জ্ঞাপন কৰে ভৱেশ কলিতাই ৷  

লগতে পঢ়ক: Bhabesh Kalita: দুলু আহমেদক কটাক্ষ ৰাজ্য়িক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.