python rescued in Assam: দুলীয়াজানৰ ম'হমাৰীত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

By

Published : Jun 29, 2023, 10:17 AM IST

thumbnail

 মৰাণ, ২৯ জুন: দুলীয়াজানত বুধবাৰে এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয় । দুলীয়াজানৰ সমীপৰ ১ নং ম'হমাৰীৰ শৈলন শইকীয়াৰ গৃহত অজগৰটো উদ্ধাৰ হৈছে । উদ্ধাৰ হোৱা অজগৰটো ১১ ফুট দৈৰ্ঘ আৰু ২৫ কেজি ওজনৰ বুলি জানিব পৰা গৈছে ।  

কুকুৰা ভক্ষণ কৰি বহু সময় গঁড়ালতে জিৰণি লৈ থকা অৱস্থাত ঘৰৰ গৰাকীয়ে অজগৰটো প্ৰত্য়ক্ষ কৰে । পাছত এই সম্পৰ্কে স্থানীয় বন বিভাগক খবৰ দিয়ে । উল্লেখযোগ্য যে দীর্ঘদিনৰ পৰাই বৃহত্তৰ অঞ্চলটোত অজগৰে ছাগলী, কুকুৰা, হাঁহ আদি ভক্ষণ কৰি এক প্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । পিচত শৈলন শইকীয়াৰ বাসগৃহত স্থানীয় বিধায়ক তেৰছ গোৱালাই উপস্থিত হয় । প্ৰায় ৩ ঘণ্টা পলমকৈ ডিগবৈ বন সংমণ্ডলৰ বিষয়া-কৰ্মচাৰী উপস্থিত হৈ অজগৰটো উদ্ধাৰ কৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰাৰ ব্য়ৱস্থা কৰে ।

লগতে পঢ়ক:Task Force operation to rescue street people:মহানগৰীৰ পদপথৰ লোকক উদ্ধাৰৰ বাবে টাস্ক ফ’ৰ্চৰ অভিযান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.