Python rescued: চিচুপানী সোণালীপথাৰ গাঁৱত উদ্ধাৰ অজগৰ

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 8:05 PM IST

thumbnail

সৰুপথাৰ, 15 নৱেম্বৰ : গোলাঘাট জিলাৰ চিচুপানী সোণালীপথাৰ গাঁৱত উদ্ধাৰ হৈছে এডাল অজগৰ । পথাৰত হাল বাই থকা অৱস্থাত নাঙলতে অজগৰ এডাল প্ৰত্যক্ষ কৰে এজন ব্যক্তিয়ে ৷ লক্ষী গগৈ নামৰ ব্যক্তিজনে স্থানীয় লোকৰ সহযোগত বস্তাত ধৰি আনে অজগৰডাল ।  অজগৰডাল ধৰি আনি লগে লগেই মেৰাপানী বন বিষয়াৰ কাৰ্যালয়লৈ খবৰ দিয়ে তেওঁলোকে । সৰিয়হতলিত হালবাই থাকোতে নাঙলত লাগি ধৰা অৱস্থাতে লক্ষী গগৈ নামৰ এজন ব্যক্তিয়ে উদ্ধাৰ কৰে অজগৰ সাপডাল । উদ্ধাৰ হোৱা অজগৰ সাপডালৰ ওজন ৭ কেজি ৮৫ গ্ৰাম । 

উল্লেখ্য যে মঙলবাৰেও ওদালগুৰিৰ দাঁতিকাষৰীয়া অঞ্চলত এডাল বিশালকায় অজগৰ উদ্ধাৰ হৈছিল ৷ স্থানীয় ৰাইজে অজগৰডাল প্ৰত্যক্ষ কৰাৰ পিচত খবৰ দিছিল বন-বিভাগক ৷ বন-বিভাগৰ লোকে পৰৱৰ্তী সময়ত অজগৰডাল উদ্ধাৰ কৰি সেই অঞ্চলৰে এটা জলাশয়ত মুকলি কৰি দিছিল ৷

লগতে পঢ়ক : Python rescued at Bagamati: ওদালগুৰিৰ দেউচুঙা বগামাটিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.