MLA Abdul Batin Khandakar : পকী পথ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ

By

Published : Aug 18, 2023, 9:03 PM IST

thumbnail

বঙাইগাঁও, 18 আগষ্ট : বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টি তথা নতুনকৈ ঘোষণা হোৱা সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত নাম্বাৰপাৰা চাৰিআলিত বিধায়ক আব্দুল বাতিন খন্দকাৰে ৫.৯৬ কৌটি টকাৰ পকী পথৰ শুভাৰম্ভ কৰে ৷ ২০২২-২৩ বৰ্ষৰ মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত নোৱাগাঁৱৰ পৰা নাম্বাৰপাৰা চাৰিআলি, জপেয়া, হৰিৰচৰ হৈ ৰঙাপানী যোৱা মুঠ ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ গাঁৱলীয়া পথটোৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে বিধায়ক আব্দুল বাতিন খন্দকাৰে ৷

পথটোৰ কাম শুভাৰম্ভ কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৰাজ্যিক বিজেপিত জেষ্ঠ্য আৰু কনিষ্ঠৰ সংঘাত সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়কজনে ৷ বিজেপিৰ অন্তৰ্কন্দল I.N.D.I.A. ৰ বাবে ভাল বুলি কয় তেওঁ ৷ লগতে 2024ত I.N.D.I.A ই চৰকাৰ গঠন কৰিব বুলি দাবী কৰে বিধায়কজনে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ জনপ্ৰিয়তাৰ ওপৰতো বিধায়কজনে মন্তব্য কৰি কয় যে মোদীতকৈ ৰাহুল গান্ধীৰ জনপ্ৰিয়তা যথেষ্ট বেছি ৷ পকী পথ শুভাৰম্ভ অনুষ্ঠানত বিধায়কৰ লগতে লোক নিৰ্মাণ বিভাগৰ বিষয়া পংকজ ৰয় সহ কেইবাজনো বিশিষ্ট ব্যক্তি আৰু শতাধিক স্থানীয় লোক উপস্থিত থাকে ৷

লগতে পঢ়ক : JJM water pipe bursts: বৰষুণ নোহোৱাকৈয়ে নগাঁৱৰ ৰাস্তা বুৰিল পানীত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.