Road accident at Jonai: জোনাইত পথ দুৰ্ঘটনাত থিতাতে নিহত এটি কিশোৰ, আহত ১

By

Published : Aug 16, 2023, 10:28 PM IST

thumbnail

জোনাই ১৬ আগষ্ট: জোনাইৰ জোনকাৰেংস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । এই পথ দুৰ্ঘটনাত এটি কিশোৰ থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন এটি ১১ বছৰীয়া কিশোৰ ।

জানিব পৰামতে অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা পাচীঘাট অভিমুখে গৈ থকা AR 02B 5002 নম্বৰৰ এখন চাৰিচকীয়া বাহনে খুন্দিয়াই কিশোৰ দুটিক ৷ জানিব পৰা মতে, সন্ধিয়া সমনীয়াৰে ঘৰৰ সন্মুখত খেলি থকা সময়তে সংঘটিত হয় এই ঘটনা । মৃত শিশুটি জোনাইৰ মধ্য বিজয়পুৰ গাঁৱৰ বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পাচতেই ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ আহত কিশোৰটিক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে ৷ স্থানীয় লোকে তৎপৰতাৰে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সৈতে চালকজনক কৰায়ত্ত কৰি জোনাই আৰক্ষীক চমজাই দিয়ে । বৰ্তমান দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনৰ চালক আৰু আৰোহী দুজনক সোধপোচ অব্যাহত ৰাখিছে জোনাই আৰক্ষীয়ে ৷

লগতে পঢ়ক: Road Mishap: তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা; এজনৰ মৃত্যু, চাৰিজন আহত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.