Constituency delimitation: সমষ্টি বিলুপ্তি এক গণতান্ত্ৰিক প্ৰক্ৰিয়া:বিনোদ হাজৰিকাৰ

By

Published : Jun 21, 2023, 9:40 PM IST

thumbnail

মৰাণ,২১ জুন:সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ নিৰ্বাচন আয়োগে প্ৰথমখন প্ৰস্তাৱিত খচৰা প্ৰকাশ কৰাৰ পিচতেই ৰাজ্যৰ কেইবাটাও বিধানসভা সমষ্টিৰ বিলুপ্তি ঘটিছে । বিধানসভা সমষ্টিসমূহ বিলুপ্ত হোৱাৰ সমান্তৰালকৈ আন কিছু সমষ্টি নতুনকৈ গঠন হোৱা পৰিলক্ষিত হৈছে যদিও কেইবাগৰাকীও বিধায়কৰ ৰাজনৈতিক ভৱিষ্যত অনিশ্চয়তাৰ মাজত সোমাই পৰিছে । ৰাজ্যৰ বহু কেইটা সমষ্টিৰ দৰে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তি হোৱাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে লাহোৱালৰ বৰ্তমানৰ বিধায়ক বিনোদ হাজৰিকাই ।  

লাহোৱাল সমষ্টিৰ বিলুপ্তি হোৱাৰ পাছতেই দুখ প্ৰকাশ কৰি লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰই কয়, "লাহোৱাল সমষ্টিটো চাবুৱা, ডিব্ৰুগড় আৰু মৰাণ সমষ্টিত বিভক্ত হৈছে ।"এয়া এক গণতান্ত্ৰিক প্ৰক্ৰিয়া বুলি উল্লেখ কৰি লাহোৱাল সমষ্টিৰ ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান জনাই বিধায়ক বিনোদ হাজৰিকাই । দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনাক বিধায়কগৰাকীয়ে মানি লৈছে যদিও তেওঁৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক:Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণত বিধায়সকলৰ ক্ষতি নহয়; ৰণজিৎ দাস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.