Minister Jayanta Malla Baruah: ৰাইজৰ আবেগ-অনুভূতি থকা দীঘলীপুখুৰীক কোনো বহিৰাগত প্ৰতিষ্ঠানক দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে; জয়ন্ত মল্ল বৰুৱা

By

Published : Jul 3, 2023, 1:17 PM IST

Updated : Jul 3, 2023, 1:54 PM IST

thumbnail

নলবাৰী, 3 জুলাই: অসমৰ ৰাইজৰ আবেগ-অনুভূতি থকা দীঘলীপুখুৰীক কোনো বহিৰাগত প্ৰতিষ্ঠানক দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে; ইতিমধ্যে সেই কথা স্পষ্ট কৰি দিয়া হৈছে ৷ এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ নলবাৰীৰ এক বিশেষ অনুষ্ঠানত উপস্থিত হৈ সোমবাৰে দীঘলীপুখুৰীক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে দীঘলীপুখুৰী বিতৰ্কত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কাম-কাজ নোহোৱা লোকে এনেধৰণৰ বিতৰ্কৰ সৃষ্টি কৰি থকা বুলি মত প্ৰকাশ কৰে ৷ আনহাতে দীঘলীপুখুৰীত প্ৰৱেশৰ টিকটৰ মূল্য এশ শতাংশ বৃদ্ধিৰ সন্দৰ্ভত নেহৰু পাৰ্কৰে তুলনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷

উল্লেখযোগ্য যে, সোমবাৰে নলবাৰীত মুকলি কৰা হয় প্ৰথমখন উৰণ সেঁতু ৷ প্ৰজ্ঞা সেঁতু নামেৰে নামাকৰণ কৰা হৈছে নলবাৰীৰ প্ৰথমখন উৰণ সেঁতুক ৷ নলবাৰীৰ হৰিমন্দিৰৰ পৰা গণেশ মন্দিৰলৈ সংযোগ কৰা হৈছে এইখন উৰণ সেঁতু ৷ আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে উৰণ সেঁতুখন ৷ এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ লগতে অংশগ্ৰহণ কৰিছে মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৷

লগতে পঢ়ক: Fraudster Arrested in Nagaon: মন্ত্ৰী-বিধায়কৰ নাম লৈ প্ৰৱঞ্চনা; নগাঁও আৰক্ষীৰ জালত প্ৰৱঞ্চক

Last Updated : Jul 3, 2023, 1:54 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.