Assam Gas Company Home guard detained:অসম গেছ কোম্পানীৰ নিৰাপত্তা বিভাগত নিয়োজিত গৃহৰক্ষী জোৱানক আটক

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 9:20 PM IST

thumbnail

ডিব্ৰুগড়, 23 ছেপ্টেম্বৰ : অসম আৰক্ষীৰ গৃহৰক্ষী বাহিনীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ শনিবাৰে নিৰাপত্তা বিভাগত নিয়োজিত গৃহৰক্ষী জোৱান এজনক আটক কৰে আৰক্ষীয়ে ৷ অসম গেছ কোম্পানীৰ নিৰাপত্তা বিভাগত নিয়োজিত হৈ থকা প্ৰশান্ত হাজৰিকা নামৰ এজন গৃহৰক্ষী জোৱানক দুলীয়াজান আৰক্ষীয়ে আটক কৰাৰ পাচতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ।

দুলীয়াজান আৰক্ষীয়ে আটক কৰা জোৱানজনৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷ অন্য লোকৰ নামত চাকৰি কৰাৰ অভিযোগ উঠিছে জোৱানজনৰ বিৰুদ্ধে ৷ আটকাধীন প্ৰশান্ত হাজৰিকাৰ ঘৰ নাহৰকটীয়া সমষ্টিৰ চাচনি ইকৰাণীত বুলি জানিব পৰা গৈছে । গৃহৰক্ষী জোৱান প্ৰশান্ত হাজৰিকাক আটক কৰি দুলীয়াজান আৰক্ষীয়ে দুলীয়াজান থানাত গোচৰ নং 223/23 /429/468/471 IPC ৰ অধীনত কেচ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

অন্য ব্যক্তিৰ নামত কেনেকৈ অসম গেছ কোম্পানীৰ নিৰাপত্তা বিভাগত গৃহৰক্ষী জোৱান হিচাপে নিয়োজিত হ’বলৈ পালে সেইয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব । দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ শইকীয়াই ইটিভি ভাৰতৰ ডিব্ৰুগড় জিলাৰ সাংবাদিকক জানিবলৈ দিয়া অনুসৰি এজন প্ৰাক্তন গৃহৰক্ষী জোৱান দুৰ্ণ কোঁৱৰৰ এজাহাৰ ভিত্তিত সমগ্ৰ ঘটনাৰ তদন্ত আগুৱাই নিয়া হৈছে ।

লগতে পঢ়ক : Murder at Duliajan: পত্নীক হত্যা কৰি মাটি দ’মত পুতি থলে স্বামীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.