Home guard hurt in hit and run: কৰ্তব্যৰত আৰক্ষীক মটৰ চাইকেলেৰে মহতিয়াই নিলে উদণ্ড যুৱকে

By

Published : Jan 18, 2023, 7:15 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

কলগাছিয়াত বাইক চালকৰ দৌৰাত্ম্য । এইবাৰ কৰ্তব্যৰত গৃহৰক্ষী যোৱানক খুন্দিয়াই পলায়নৰ চেষ্টা মটৰ চাইকেল আৰোহীৰ (Home guard hurt in hit and run) । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় গৃহৰক্ষী যোৱানসহ দুৰ্ঘটনা সংঘটিত কৰা বাইক আৰোহী যুৱকজন (Home Guard injured while trying to stop speeding bike) ৷ 

উল্লেখ্য যে মঙলবাৰে বিয়লি কলগাছিয়া আৰক্ষী থানাৰ SI দিব্য কমল দত্তৰ নেতৃত্বত কলগাছিয়া ৰাজহ চক্ৰৰ সন্মুখত এক নাকা চেকিং বহে ৷ য’ত যানবাহন নিয়ম ভংগকাৰীসকলৰ বিৰুদ্ধে চলোৱা হৈছিল অভিযান । অভিযানকালত হেলমেট নথকা মটৰচাইকেল আৰোহীক ৰখাই তেওঁলোকৰ ড্ৰাইভিং লাইচেঞ্চকে আদি কৰি বাহনৰ নথিসমূহ পৰীক্ষা কৰিছিল  । 

তেনে সময়ত AS 15 S 9436 নম্বৰৰ এখন ৰঙা ৰঙৰ হিৰো গ্লেমাৰ মটৰ চাইকেলৰ অহা এজন যুৱকক আৰক্ষীয়ে ৰখিব দিয়ে ৷ কিন্তু ৰাজিবুল ইছলাম নামৰ উদণ্ড যুৱকজনে মটৰচাইকেলখন নৰখাই, বৰঞ্চ দ্ৰুতগতিত কৰ্তব্যৰত গৃহৰক্ষী যোৱানজনক খুন্দিয়াই সেই স্থানৰ পৰা বাইক লৈ পলায়নৰ চেষ্টা কৰে (Hit and run in Barpeta) ৷ কিন্তু পলায়নৰ চেষ্টা কৰোতেই দুৰ্ঘটনাত পতিত হয় বাইকখন ৷

পিছত আৰক্ষীয়ে কৰায়ত্ব কৰে যুৱকজনক ৷ ইফালে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় আৰক্ষীৰ জোৱানজন ৷ লগতে আহত হয় বাইক আৰোহী যুৱকজনো । আহত দুয়োজনক কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এইখিনিতে উল্লেখ কৰিব লাগিব যে প্ৰতিদিনেই যান বাহন আইন সম্পৰ্কে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে বিভিন্ন সজাগতামূলক কাৰ্যসূচী আয়োজনৰ জড়িয়তে জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস কৰি আহিছে যদিও এতিয়াও সচেতন হোৱা একাংশ উদণ্ড বাইক চালক কিম্বা আন বাহন চালকসকল ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.