অসম দিৱস উপলক্ষে টিংখাঙত বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 1:48 PM IST

thumbnail

মৰাণ, ২ ডিচেম্বৰ: সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত টিংখাঙত অনুষ্ঠিত হৈছে অসম দিৱসৰ কাৰ্যসূচী । অসম দিৱস উপলক্ষে টিংখাঙৰ ৰাজপথত উলিওৱা হয় বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা । হাতী সন্মুখত লৈ উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, মন্ত্রী যোগেন মহন, বিধায়ক চক্ৰধৰ গগৈ, বিধায়ক বিনোদ হাজৰিকাকে ধৰি কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ।  

টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হোৱা এই সাংস্কৃতিক শোভাযাত্ৰাত অসমীয়া লোক সংস্কৃতিৰ সমাহাৰৰ লগতে অসমৰ ঐতিহাসিক সমল সমূহৰ আৰ্হিৰ প্ৰতিফলন কৰে । উল্লেখযোগ্য যে টিংখাঙত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত বৃহত্তৰ টিংখাংবাসী ৰাইজৰ আতিথ্যত টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসম দিৱস পালন কৰা হৈছে । মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।  

এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি থলুৱা উদ্যোগৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰৰ বচা বচা উদ্যোগী সকলক লৈ আধুনিক অসম-আত্মনিৰ্ভৰশীল অসম বিষয়ত এক প্ৰদৰ্শনী মেলাৰ আয়োজন কৰা হৈছে ।  

লগতে পঢ়ক:আগন্তুক শিক্ষাবৰ্ষত সাজু হৈ উঠিব নিৰ্মীয়মান তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়, পৰিদৰ্শন কৰি আশ্বাস মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.