ETV Bharat / sukhibhava

Raksha Bandhan 2022: ৰাখী বন্ধনত সহজতে তৈয়াৰ কৰি উলিয়াব পৰা কেইটামান বিশেষ ৰেচিপি

author img

By

Published : Aug 11, 2022, 3:37 PM IST

special-recipes-for-raksha-bandhan
ৰাখী বন্ধনত সহজতে তৈয়াৰ কৰি উলিয়াব পৰা কেইটামান বিশেষ ৰেচিপি

আজি পৱিত্ৰ ৰাখী বন্ধন । এই দিনটোত ভগ্নীসকলে ভাতৃৰ হাতত ৰাখী পিন্ধাই তেওঁলোকৰ দীৰ্ঘ আৰু নিৰোগী জীৱনৰ কামনা কৰে । ভাতৃ–ভগ্নীৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ এই উৎসৱ পালন কৰা হয় । কেৱল সেয়াই নহয় এই উৎসৱত বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰো প্ৰস্তুত কৰা হয় ৷চাওক এইবাৰৰ ৰাখী বন্ধনত সহজতে তৈয়াৰ কৰি উলিয়াব পৰা কেইটামান বিশেষ ৰেচিপি(Special Recipes for Raksha Bandhan)...

আজি পৱিত্ৰ ৰাখী বন্ধন। এই দিনটোত ভগ্নীসকলে ভাতৃৰ হাতত ৰাখী পিন্ধাই তেওঁলোকৰ দীৰ্ঘ আৰু নিৰোগী জীৱনৰ কামনা কৰে। ভাতৃ–ভগ্নীৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ এই উৎসৱ পালন কৰা হয় । বৈদিক কেলেণ্ডাৰ অনুসৰি প্ৰতি বছৰে শাওন মাহৰ পূৰ্ণিমা তিথিত ৰাখী বন্ধন পালন কৰা হয় । সেই বাবে শাওনৰ পূৰ্ণিমা তিথিক বোলা হয় ৰাখী পূৰ্ণিমা ।

কিন্তু এনেধৰণৰ উৎসৱৰ সময়ত আমি প্ৰায়েই খাদ্য সম্ভাৰক(Easy Food Recipes) লৈ চিন্তিত হৈ পৰো ৷ সেয়ে পৱিত্ৰ ৰাখী বন্ধন উপলক্ষে সহজতে তৈয়াৰ কৰি উলিয়াব পৰা চেফ মনীষ মেহৰোত্ৰাৰ কেইটামান বিশেষ ৰেচিপি(Special Recipes for Raksha Bandhan) আপোনাৰ বাবে...

১/ আলমণ্ড চিনামন টাৰ্ট(Almond Cinnamon Tart)

উপকৰণ: আলমণ্ড ফ্লেক(১ কাপ), মনাকো বিস্কুট (১৫০ গ্ৰাম), ডালচেনি গুড়ি (২ গ্ৰাম), মিহি চেনি (২০০ গ্ৰাম), ফ্ৰেছ ক্ৰীম (২০০ মিলিলিটাৰ), নিমখবিহীন মাখন (৬০ গ্ৰাম)।

পদ্ধতি: আলমণ্ড ফ্লেকখিনি আগতীয়াকৈ গৰম কৰা অভেনত ১৮০ ডিগ্ৰী চেলছিয়াছত ৪ মিনিট বা সোণালী ৰঙৰ হোৱালৈকে ৰোষ্ট কৰক । টফি চচৰ বাবে চেনি কেৰামেলাইজ কৰি ৪০ গ্ৰাম মাখন দি তাৰ পিছত ক্ৰীম দি ভালদৰে মিহলাই লওক । মনাকো ক্ৰাম্বলৰ বাবে বিস্কুটখিনি ভালদৰে গুৰি কৰি তাৰ লগত ২০ গ্ৰাম মাখন মিহলাই লওক । এই মিশ্ৰণটো ৬ ইঞ্চিৰ ম'ল্ডত ঢালি ভালদৰে স্প্ৰেড কৰি ১৬০ ডিগ্ৰী চেলছিয়াছত ১০ মিনিটৰ বাবে বেক কৰক ।

এটা বাটিত ৰোষ্ট কৰা আলমণ্ড স্লাইভাৰ আৰু টফি চচ মিহলাই এই মিশ্ৰণটো ম'ল্ডত থকা বিস্কুট ক্ৰামবলৰ ওপৰত ঢালি দিব । ম'ল্ডত দিয়া মিশ্ৰণখিনি পূৰ্বতে গৰম কৰা অভেনত ১৮০ ডিগ্ৰী চেলছিয়াছত ১৫ মিনিট বেক কৰক । বেক কৰি পৰিবেশন কৰক আৰু টাৰ্টটো ডিমল্ড কৰক । ভেনিলা বিন আইচক্ৰীমৰ সৈতে ইয়াক পৰিবেশন কৰক । আৰু ইয়াৰ সোৱাদ লওঁক ৷

২/ মছলা আলমণ্ড টাববুলেহ(Masala Almond Tabbouleh)

উপকৰণ: কুস্কুছ (couscous)(১/২ কাপ), উতলা পানী (১ কাপ), মিহিকৈ কটা পিঁয়াজ (১/২ কাপ), মিহিকৈ কটা বিলাহী(১/২ কাপ), মিহিকৈ কটা পাৰ্চলে (১ কাপ), মিহিকৈ কটা পদিনা (১ /৪ কাপ), সতেজ ডালিমৰ বীজ (৪ চামুচ), নেমুৰ ৰস (২ চামুচ), মিহিকৈ কাটি লোৱা সেউজীয়া মৰিচা (১ চামুচ), অলিভ অইল (২ চামুচ), টোষ্ট কৰা আলমণ্ড ফ্লেক (১/৩ কাপ), চাট মছলা (১ চামুচ), নিমখ (সোৱাদ অনুসৰি)।

পদ্ধতি: প্ৰথমে পানী খিনি ভালদৰে উতলিবলৈ দিব । সোৱাদ তাত অনুসৰি নিমখ আৰু কুস্কুছ দিব । জুইৰ পৰা নমাই তাৰ ওপৰত ঢাকনি দি ১৫ৰ পৰা ২০ মিনিট সময় এফালে ৰাখিব । ইয়াৰ পিছত ঢাকনিখন আঁতৰাই কাঁটাচামুচ ব্যৱহাৰ কৰি ফুলি উঠা কুস্কুছ খিনি ঢিলা কৰি দিব । একাষৰীয়া কৰি ৰাখক । এটা বাটিত কটা পিঁয়াজ, কটা বিলাহী, কটা পাৰ্চলি, কটা পদিনা, অলিভ অইল, নেমুৰ ৰস, সেউজীয়া মৰিচা, আলমণ্ড, ডালিমৰ গুটি আৰু চাত মছলা দি ভালদৰে মিহলাই লওঁক। কুস্কুচখিনি দি মিহলাই লওঁক আৰু গৰমা গৰমে পৰিবেশন কৰক ।

এতিয়া চাওক আন কেইটামান বিশেষ ৰেচিপি...

১/ মটৰ-চিলা(Pea-Cheela)

উপকৰণ: ৫০০ গ্ৰাম পটল আৰু পালেং, ১/৪ এভোকেডো, ১৪০ গ্ৰাম কৰ্ণ ফ্লাৰ, ২ টা কণী, অলিভ অইল, প্ৰয়োজন হ'লে ১ টেবল স্পুন পানীৰ ব্যৱহাৰ কৰিব পাৰে ।

পদ্ধতি: উতলি থকা পানীৰে এটা ৰন্ধা পাত্ৰত পটল আৰু কচুখিনি ১ মিনিট সময় ৰান্ধিব । এভোকেডো, আটা, কণী, অলিভ অইল আৰু পটল ফুড প্ৰচেছৰত ঢালি দিব তাৰ পিছত বেটাৰটো বাদামী ৰঙৰ হোৱালৈকে কম জুইত ভাজি লওক, তাৰ পিছত সিটো ফালে উলটি দিয়ক আৰু পৰিবেশন কৰক ৷

২/ কল নাৰিকল মিল্কশ্বেক(Banana Coconut Milkshake)

উপকৰণ: ১ টা ডাঙৰ কল, ১ চামুচ বিশুদ্ধ চকলেট পাউডাৰ, ১ চামুচ মেপ'ল চিৰাপ, ১৫০ মিলিলিটাৰ নাৰিকলৰ গাখীৰ ।

সামগ্ৰীখিনি লিকুইড ফৰ্ম হোৱালৈকে একেলগে মিহলাই লওক । কম বেছি পৰিমাণে নাৰিকলৰ গাখীৰ যোগ কৰি ভালদৰে মিহলাই লোৱাৰ পিছত মিশ্ৰণখিনি ৰেফ্ৰিজিৰেটৰত ঠাণ্ডা হ'বলৈ দিব ৷ কিছু সময় পিছত ইয়াক শ্বিল্ড পৰিবেশন কৰক ৷

3/ ফ্ৰুট আইচক্ৰীম(Fruit Ice Cream)

উপকৰণ: ফ্ৰ'জেন কল, সতেজ ফল যেনে, আম, ষ্ট্ৰবেৰী, পীচ, ব্লুবেৰী, অপশ্যনল: দৈ, চয়াবিন দৈ(soy yoghurt), হুইপড দৈ, টপিংছ: শ্বেভড ডাৰ্ক চকলেট, ড্ৰাই ফ্ৰুটছ, গ্ৰেটেড নাৰিকল, চান ফ্লাৱাৰ চিড্ছ, ফলৰ কিউব ।

পদ্ধতি: ফলবোৰ কিউব বা টুকুৰা কৰি কাটি ভালদৰে বীজবোৰ আঁতৰাই ফ্ৰীজত থৈ দিয়ক । কলৰ টুকুৰাবোৰ ফুড প্ৰচেছৰত ঢালি দিয়ক আৰু আইচক্ৰীমৰ দৰে নোহোৱালৈকে হুইপ কৰক ইয়াৰ পিছতে বাকী ফলখিনিও যোগ দিয়ক আৰু.হুইপ দৈৰ সৈতে ভালদৰে মিহলাই লওঁক । ৰেফ্ৰিজিৰেটৰত মিশ্ৰণখিনি আইছক্ৰীম ফৰ্মলৈ অহালৈকে ৰাখক ৷ শেষত বিভিন্ন টপীংছৰ সৈতে ইয়াৰ পৰিবেশন কৰি ইয়াৰ সোৱাদ লওক ৷ এই ৰেচিপিটোৰ বিশেষত্ব হৈছে যে, সতেজ ফল ব্যৱহাৰ কৰা হৈছে যাৰ ফলত ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আইৰণ পোৱা যাব ৷

লগতে পঢ়ক : ৰাখী বন্ধন ভাতৃ আৰু ভগ্নীৰ বিশ্বাস তথা মৰমৰ ধাগাঃ ৰামনাথ কোবিন্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.