অনিদ্ৰাৰ সমস্যাৰ বাবে আপুনি চিন্তিত নেকি ? তেন্তে খাবলৈ আৰম্ভ কৰক এইবিধ পানীয়
Restful Sleep Drink: আমাৰ মাজত এনে বহু লোক আছে যি সকলে অনিদ্ৰাৰ সমস্যাৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি আছে ৷ যদি আপুনিও ভাবিছে যে নিশা ভাল টোপনি আহিবলৈ কি গ্ৰহণ কৰিব লাগে, তেন্তে এই পানীয় আপোনাৰ বাবে উপকাৰী হ’ব পাৰে ।
নিশা ভালদৰে টোপনি যাবলৈ কাৰনো মন নাযায় ? দিনটোৰ ভাগৰ দূৰ কৰিবলৈ তথা সুস্থ হৈ থাকিবলৈ সকলোৱে পৰ্যাপ্ত পৰিমাণৰ টোপনিৰ বাবে চেষ্টা কৰে ৷ কিন্তু মানসিক চাপৰ বাবে বহু সময়ত হাজাৰ চেষ্টা কৰিলেও নিশা টোপনি নাহে ৷
বহু সময়ত নিশা ইকাটি-সিকাটি কৰি থাকোঁতে কেতিয়া পুৱা হৈ যায় আমি গমকে নাপাও ৷ অনিদ্ৰাৰ সমস্যাই স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ সেয়ে এই সমস্যাৰ পৰা সকাহ পাবলৈ হৰম’ন আৰু আন্ত্ৰিক স্বাস্থ্য প্ৰশিক্ষক ডায়েটিচিয়ান মনপ্ৰীত কালৰাই সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি ৰেষ্টফুল স্লিপ ড্ৰিংক তৈয়াৰৰ ৰেচিপি আৰু ইয়াক খোৱাৰ উপকাৰিতাৰ বিষয়ে তথ্য শ্বেয়াৰ কৰিছে ৷
অনিদ্ৰাৰ সমস্যা দূৰ কৰা পানীয়ৰ ৰেচিপি
সামগ্ৰী -
জাইফল – ১/২ চামুচ (পিহি)
অশ্বগন্ধা গুড়ি – ১ চামুচ
ধনীয়া গুটি - ১ চামুচ
পানী – ১ কাপ
মৌ – ১ চামুচ (বিকল্প)
পানীয়ৰ ৰেচিপি -
- এই পানীয় প্ৰস্তুত কৰিবলৈ প্ৰথমে ধনীয়া গুটিখিনি থেতেলিয়াই লওক ৷
- এতিয়া গেছটোৰ ওপৰত এটা পাত্ৰত ১ কাপ পানী দি ভালদৰে উতলাই লওক ৷
- কুহুমীয়া পানীত থেতেলিয়াই লোৱা ধনীয়া গুটি, পিহি লোৱা জাইফল আৰু অশ্বগন্ধা গুড়ি দি দিয়ক৷
- এতিয়া গেছৰ জুই কমাই ৫ৰ পৰা ১০ মিনিটমান মিশ্ৰণটো উতলিবলৈ দিব ৷
- আপোনাৰ পানীয় সাজু হৈছে, ষ্ট্ৰেইনাৰৰ সহায়ত গিলাচ বা কাপত চেকি লওক ৷
- ইচ্ছা কৰিলে এচামুচ মৌও দিব পাৰে ৷
- নিশা শুবলৈ যোৱাৰ পূৰ্বে আধা ঘণ্টা পূৰ্বে গৰম পানীয়ৰ দৰে এই পানীয় খাব লাগে ৷
অনিদ্ৰাৰ ক্ষেত্ৰত এই পানীয় খোৱাৰ উপকাৰিতা-
- জাইফলত মাইৰিষ্টিচিন নামৰ যৌগ থাকে, যাৰ শান্তকাৰী গুণ আছে যিয়ে...
- আপোনাৰ শৰীৰক আৰাম কৰাত সহায় কৰিব পাৰে আৰু অনিদ্ৰাৰ সমস্যা হ্ৰাস কৰিব পাৰে ৷
- অশ্বগন্ধা হৈছে এবিধ এডাপ্টোজেন যিয়ে শৰীৰক মানসিক চাপৰ লগত খাপ খুৱাই ল’বলৈ আৰু শিথিলতা লাভ কৰাত সহায় কৰে ৷
- শিথিলতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে, যিয়ে ভাল টোপনিৰ দিশত সহায় কৰিব পাৰে ৷
- ধনীয়া গুটি খালে হজম শক্তি উন্নত হয় আৰু খাদ্য সহজে হজম হয় ৷ ইয়াৰ সেৱনে টোপনিত বাধাৰ সৃষ্টি কৰা অস্বস্তি কমোৱাত সহায় কৰিব পাৰে ৷
এই উপাদানসমূহৰ মিশ্ৰণেৰে তৈয়াৰী এইবিধ পানীয়ৰ সেৱনে আপোনাৰ শৰীৰ আৰু মনক আৰাম দিয়াত সহায় কৰে৷ কিন্তু মনত ৰাখিব, যিকোনো নতুন বনৌষধি খোৱাৰ আগতে নিশ্চিতভাৱে আপোনাৰ স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লওক, যাতে স্বাস্থ্য সম্পৰ্কীয় যিকোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় ৷
লগতে পঢ়ক: আপুনিও শীতকালত সঘনাই চাহ খায় নেকি ?

