ETV Bharat / sukhibhava

Bottle Gourd benefits: উচ্চ ৰক্তচাপত ভুগি থকা ৰোগীয়ে আজিৰে পৰা খোৱা আৰম্ভ কৰক জাতিলাও

উচ্চ ৰক্তচাপত ভুগি থকা ৰোগীয়ে বিপি নিয়ন্ত্ৰণত ৰাখিবলৈ খাওক জাতিলাও ৷ কিন্তু জাতিলাও খোৱাৰ পূৰ্বে জানি লওক ইয়াৰ উপকাৰিতা ৷

Bottle Gourd benefits for high bp patients in Assamese
উচ্চ ৰক্তচাপত ভুগি থকা ৰোগীয়ে বিপি নিয়ন্ত্ৰণত ৰাখিবলৈ খাওক জাতিলাও
author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 1:41 PM IST

জাতিলাও বা পানীলাও হৈছে এনেকুৱা এটা পাচলি যিটো সকলোৱে খোৱাটো পছন্দ নকৰে ৷ শাক-পাচলিৰ ভিতৰত মানুহে আলুক যিমানেই ভাল পায়, তাৰ বিপৰীতে সিমানেই বেয়া পায় পানীলাওক ৷ কিন্তু, পানীলাওৰ আছে বহুতো উপকাৰী গুণ, যিয়ে আমাৰ শৰীৰৰ বহু ৰোগ প্ৰতিৰোধত সহায় কৰে । বিশেষকৈ উচ্চ ৰক্তচাপত ভুগী থকা ৰোগীয়ে ইয়াক সেৱন কৰিব লাগিব ।

কাৰণ উচ্চ ৰক্তচাপ এনেকুৱা এটা সমস্যা যিয়ে আন সমস্যাক আমন্ত্ৰণ কৰে । যেনে হাৰ্ট এটেক আৰু তাৰ পিচত ষ্ট্ৰোক । এনে পৰিস্থিতিত লাও খোৱাৰ ফলত আপোনাৰ ৰক্তচাপৰ সমস্যা বা অন্যান্য ৰোগ বৃদ্ধি হ’বলৈ আৰম্ভ কৰা কাৰণসমূহ হ্ৰাস পাব । গতিকে, জানো আহক পানীলাওত এনে কি আছে যিটোৱে উচ্চ ৰক্তচাপত ভুগী থকা ৰোগীৰ বাবে মহৌষধ ৷

উচ্চ ৰক্তচাপত ভুগী থকা ৰোগীৰ বাবে কিয় উপকাৰী পানীলাও ?

১) কলেষ্টেৰল কম কৰে ফাইবাৰৰে সমৃদ্ধ পানীলাওৱে

লাওত ভাল পৰিমাণৰ ফাইবাৰ থাকে। অৰ্থাৎ প্ৰথমে ই চৰ্বিৰ বিপাকীয় ক্ৰিয়া দ্ৰুত কৰি তুলিব আৰু দ্বিতীয়তে ই শৰীৰত জমা হোৱাত বাধা দিব । তৃতীয়তে, শৰীৰত জমা হোৱা বেয়া চৰ্বিৰ কণা অৰ্থাৎ বেয়া কলেষ্টেৰল পৰিষ্কাৰ কৰাত সহায় কৰে পানীলাওৰ ফাইবাৰে । ইয়াৰ উপৰিও ই কম কেলৰিৰ বাবে ওজন বৃদ্ধি আৰু উচ্চ ৰক্তচাপ বৃদ্ধিত বাধা দিয়ে ।

২) পানীলাওত থাকে প্ৰচুৰ পৰিমাণে পটাছিয়াম

পানীলাওত ভাল পৰিমাণৰ পটাছিয়াম থাকে, যিয়ে আপোনাৰ তেজৰ গতি সঠিক কৰি ৰখাত সহায় কৰে । ইয়াৰ বাবে হৃদযন্ত্ৰৰ ওপৰত কোনো ধৰণৰ মানসিক চাপ নাথাকে আৰু উচ্চ ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণত থাকে । ইয়াৰ লগতে মগজুত ষ্ট্ৰোক আৰু লিকেজৰ দৰে সমস্যাৰ সম্ভাৱনাও হ্ৰাস পায় ।

৩) পানীলাওত প্ৰচুৰ পৰিমাণে পানী থাকে

পানীলাওত প্ৰচুৰ পৰিমাণে পানী থাকে আৰু ই আপোনাৰ স্নায়ু সুস্থ কৰি ৰখাত সহায় কৰে । কিন্তু বিশেষ কথাটো হ’ল ইয়াৰ পানী তেজৰ লগত মিহলি হৈ ইয়াৰ ৰক্তসঞ্চালন উন্নত কৰে আৰু হৃদযন্ত্ৰৰ ওপৰত চাপ ৰোধ কৰে । ইয়াৰ উপৰিও শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পানী থাকিলেও উচ্চ ছডিয়ামৰ সমস্যা নিয়ন্ত্ৰণত ৰাখে আৰু উচ্চ ৰক্তচাপ ৰোগৰ পৰা হাত সাৰিব পাৰি । গতিকে, পানীলাও খাওক আৰু উচ্চ ৰক্তচাপ ৰোগৰ পৰা আঁতৰি থাকক ।

(এই লেখাটো সাধাৰণ তথ্যৰ বাবে হে, যিকোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ নিশ্চয় লওক )

লগতে পঢ়ক: Cumin Benefits: উচ্চ কলেষ্টেৰল তথা ওজন হ্ৰাস কৰাত জিৰা ফলপ্ৰসূ নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.