ETV Bharat / state

লাইকা-দধিয়াবাসীৰ কাষত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

author img

By

Published : Jan 15, 2021, 2:30 PM IST

লাইকা-দধিয়াবাসীৰ কাষত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

অসমৰ খিলঞ্জীয়া লোকৰ জীৱন সুনিশ্চিত কৰাৰ দায়িত্ব চৰকাৰৰ । অসমৰ ভূমিপুত্ৰ সকলক দিবলৈ মাটি নাই বিদেশীক দিবলৈ মাটি আছে । ভোগালী বিহুৰ দিনাই লাইকা-দধিয়াবাসীৰ কাষত উপস্থিত হয় লুৰীনজ্যোতি গগৈয়ে এই দৰে মন্তব্য কৰে ।

তিনিচুকীয়া,15 জানুৱাৰীঃ বৃহস্পতিবাৰে ভোগালী বিহুৰ দিনা সন্ধিয়া লাইকা-দধিয়াবাসীৰ ওচৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ উপস্থিত হৈ তেওঁলোকৰ মনৰ বুজ লয়। তেওঁলোকৰ আগত উদাত্ত ভাষণ দাঙি ধৰে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে উপস্থিত হৈ গভীৰ দুখ প্ৰকাশ কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । লাইকা-দধিয়াবাসীৰ ন্যায্যপ্ৰাপ্তিৰ আন্দোলনক পূৰ্ণ সমৰ্থন জনাই লুৰীণজ্যোতি গগৈয়ে কয় যে, ন্যায্যপ্ৰাপ্তিৰ সংগ্ৰামখন অধিক শক্তিশালী ৰূপত গঢ়ি তুলিব লাগিব। পৰৱৰ্তী সময়ত লাইকা-দধিয়াবাসী ন্যায্য প্ৰাপ্তিৰ সংগ্ৰামখনত সহযোগিতা আগবঢ়াই যাব বুলি সদৰি কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

লাইকা-দধিয়াবাসীৰ কাষত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত জানমুখ-লেজাইহুলাত TMPK, MMK, TMMK তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বৃহত্তৰ লাইকা-দধিয়াবাসীয়ে নিজৰ পুনৰ সংস্থাপন বিচাৰি আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দাবীত যোৱা ২১ (২০২০) ডিচেম্বৰ তাৰিখৰ পৰা কৰি অহা অনিৰ্দিষ্ট কালীন অৱস্হান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচীয়ে আজি ২৫ টা দিনত ভৰি দিলে । ইতিমধ্যে ৩ গৰাকীকৈ শ্বহীদ হ'ব লগা হৈছে ন্যায্য প্ৰাপ্তিৰ সংগ্ৰামখনত । কিন্তু আজি পৰ্যন্ত কোনো সঁহাৰি পোৱা নাই লাইকা- দধিয়াবাসী ৰাইজে । শাসনাধীন বিজেপি চৰকাৰখনে কিমান আৰু উপলুঙা কৰি থাকিব এই ভূমিপুত্ৰ সকলক ই পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব।

লগতে পঢ়কঃ শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু আলোচনাপন্থী আলফা নেতা ৰাজু বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.