ETV Bharat / state

ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ বালিচৰত প্ৰকাণ্ড ঘঁৰিয়াল; বলুকা শিল্পৰ নান্দনিক দৃশ্য

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 6:54 PM IST

Sand Art at Guijan : প্ৰশিক্ষাৰ্থীসকলে কেৱল ঘঁৰিয়ালেই নহয় কাছ, বন ঘৰচীয়া ঘোঁৰা, অক্টোপাছ, ভালুক, ধনেশ পক্ষী আদিও বলুকা শিল্পৰে সুন্দৰকৈ সাজি উলিয়াইছে ।

Sand Art at Guijan
ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ বালিচৰত প্ৰকাণ্ড ঘঁৰিয়াল

তিনিচুকীয়াৰ গুঁইজান ঘাটত বলুকা শিল্প

তিনিচুকীয়া, ২৮ ডিচেম্বৰ : তিনিচুকীয়াৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ গুঁইজান ঘাটত ওলাইছে এটা প্ৰকাণ্ড ঘঁৰিয়াল । ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰত ঘঁৰিয়ালটো প্ৰত্যক্ষ কৰে ৰাইজে । লগে লগে এই খবৰ বিয়পি পৰে আৰু ঘঁৰিয়ালটো প্ৰত্যক্ষ কৰাৰ বাবে গুঁইজান ঘাটত ভিৰ লাগে অগণন ৰাইজৰ । উল্লেখ্য যে পূৰ্বতে অসমৰ নদীত ঘঁৰিয়ালৰ উপস্থিতি ধৰা পৰিছে যদিও ওচৰৰ পৰা চাবলৈ সৌভাগ্য হোৱা নাছিল ৷

কিন্তু পোন প্ৰথমবাৰৰ বাবে গুঁইজানৰ বালিচৰত প্ৰকাণ্ড ঘঁৰিয়ালটো ৰাইজে প্ৰত্যক্ষ কৰাৰ লগে লগে এবাৰ ওচৰৰ পৰা চাবৰ বাবে, ফটো উঠিবৰ বাবে ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ।

প্ৰকৃততে তিনিচুকীয়াৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ গুঁইজান ঘাটত ওলোৱা ঘঁৰিয়ালটো সঁচা বা জীৱিত ঘঁৰিয়াল নহয় ৷ এই ঘঁৰিয়ালটো হৈছে এটা বালিৰে নিৰ্মাত ঘঁৰিয়ালহে । এই ঘঁৰিয়ালটো গুঁইজানৰ বালিচৰত ডিব্ৰুগড় জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থীৰ এটা দলে বলুকা শিল্পৰে সাইলাখ সাজি উলিয়াছে ।

প্ৰশিক্ষাৰ্থীসকলে কেৱল ঘঁৰিয়ালেই নহয় কাছ, বন ঘৰচীয়া ঘোঁৰা, অক্টোপাছ, ভালুক, ধনেশ পক্ষী আদিও বলুকা শিল্পৰে সুন্দৰকৈ সাজি উলিয়াইছে । ডিব্ৰুগড় জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থীসকলৰ পাঠ্যক্ৰমৰ অন্তৰ্গত বলুকা শিল্পৰ সম্যক জ্ঞান পোৱাৰ উদ্দেশ্যৰেই বিভিন্ন আকৃতিৰ বলুকা শিল্প দেখা পোৱা গ'ল এই বালিচৰত ।

এই বলুকা শিল্পৰ জৰিয়তে তিনিচুকীয়াৰ গুঁইজানৰ বালিচৰত পৃথিৱীৰ বিলুপ্তপ্ৰায় প্ৰাণীবোৰ সাজি উলিওৱাটোৱেই আছিল মূল উদ্দেশ্য । লগতে বন্যপ্ৰাণীৰ সুৰক্ষা আৰু এই বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টিও ইয়াৰ আন এক উদ্দেশ্য । তাৰেই অংশস্বৰূপ আছিল এই প্ৰকাণ্ড ঘঁৰিয়ালটো ।

লগতে পঢ়ক :মেৰাপানীৰ নেঘেৰী বিল বনভোজস্থলীৰ পৰিচালনা সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.