ETV Bharat / state

উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ ষড়যন্ত্ৰমূলক ভাৱে বন্ধ কৰা হৈছেঃ অৰুণজ্যোতি মৰাণ

author img

By

Published : Jun 23, 2020, 4:58 AM IST

সোমবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি 11 টা সংগঠনে মাৰ্ঘেৰিটাস্থিত উত্তৰ-পূব কয়লা ক্ষেত্ৰ পৰ্যবেক্ষণ কৰে । পৰ্যবেক্ষণৰ পাচত মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে কয়, ক’ল ইণ্ডিয়া লিমিটেডে সম্পূৰ্ণ ষড়যন্ত্ৰমূলক ভাৱে উত্তৰ-পূব কয়লা ক্ষেত্ৰত বিধিসন্মতভাৱে চলি থকা কয়লা খননৰ কাম বন্ধ কৰি দি উক্ত উদ্যোগটো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক হস্তান্তৰ কৰাৰ অভিসন্ধি ৰচনা কৰিছে।

Coal field Visit Various Organization
Coal field Visit Various Organization

তিনিচুকীয়া, 23 জুনঃ ক’ল ইণ্ডিয়া লিমিটেডৰ উত্তৰ-পূৱ কয়লাক্ষেত্ৰ জীয়াই ৰখাৰ স্বাৰ্থত সোমবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি 11 টা সংগঠনে মাৰ্ঘেৰিটাস্থিত উত্তৰ-পূব কয়লা ক্ষেত্ৰ পৰ্যবেক্ষণ কৰে । এই 11 জনীয়া দলটোত আছিল সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, সাধাৰণ সম্পাদক নৱ মৰাণ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ দিপাংকৰ বুঢ়াগোহাঁই, ৰূপম বৰুৱা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ, সাধাৰণ সম্পাদক কাঞ্চন বৰা, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উপ সভাপতি দুৰ্গা কোঁৱৰ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সম্পাদক অশোক লামা, সদৌ ডিমাচা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা প্ৰফুল্ল হাফিলা, সভাপতি নবীন জহৰিছা, সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ হাজং, সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল দেউৰী, সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক মইনুল ইছলাম আৰু অসম মৰাণ সভাৰ সাধাৰণ সম্পাদক দুৰ্লভ গোহাঁই ৷

11 টা সংগঠনৰ মাৰ্ঘেৰিটাস্থিত উত্তৰ-পূব কয়লা ক্ষেত্ৰ পৰ্যবেক্ষণ

দলটোৱে দিহিং পাটকাই পৰ্যৱেক্ষণ কৰে লগতে এই কাৰ্যসূচী সম্পৰ্কে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে কয় যে "ক’ল ইণ্ডিয়া লিমিটেডে সম্পূৰ্ণ ষড়যন্ত্ৰমূলক ভাৱে উত্তৰ-পূব কয়লা ক্ষেত্ৰত বিধিসন্মতভাৱে চলি থকা কয়লা খননৰ কাম বন্ধ কৰি দি উক্ত উদ্যোগটো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক হস্তান্তৰ কৰাৰ অভিসন্ধি ৰচনা কৰিছে। ক’ল ইণ্ডিয়া লিমিটেডৰ এনে অবিবেচক কৰ্ম-কাণ্ডৰ ফলশ্ৰুতিত ক’ল ইণ্ডিয়াৰ কৰ্মচাৰী, মাইনিং কোম্পানীৰ কৰ্মচাৰীৰ লগতে সমগ্ৰ মাৰ্ঘেৰিটাবাসী জীৱিকাৰ অনিশ্চয়তাত ভুগিবলগীয়া হৈছে ।" লগতে কোনো কাৰণতে ৰাজহুৱা উদ্যোগ উত্তৰ-পূৱ কয়লাক্ষেত্ৰ বন্ধ কৰিবলৈ দিয়া নহ'ব বুলি অৰুণজ্যোতি মৰাণে ঘোষণা কৰে।

আনহাতে উন্নত মানৰ বৈজ্ঞানিক পদ্ধতিৰে অত্যাধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰি তথা প্ৰকৃতিক ধ্বংস নকৰাকৈ কয়লাৰ খনন কাৰ্য চলাই মাৰ্ঘেৰিটাৰ আৰ্থিক পৰিবেশ সুচল কৰি ৰাখিবৰ বাবে ক'ল ইণ্ডিয়া লিমিটেড, অসম চৰকাৰ তথা ভাৰত চৰকাৰক দাবী জনায় । লগতে সকলো অবৈধ কয়লা খনন বন্ধ কৰিবলৈও মৰাণ ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে দাবী উত্থাপন কৰে ৷

শেহতীয়াকৈ দিহিং পাটকাই বনাঞ্চলত কয়লা খনন কৰা বিষয়ত বিতৰ্ক আৰু বিক্ষোভ চলি থকাৰ মাজতে যোৱা ৩ জুন ২০২০ তাৰিখে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ, ক’ল ইণ্ডিয়া লিমিটেড মাৰ্ঘেৰিটাৰ অধীনত খননত নিয়োজিত মাইনিং কোম্পানী সমূহক এন ই চি/জি এম/২০২০/৩৪-১ নম্বৰৰ জাননী যোগে মাৰ্ঘেৰিটাৰ মহা প্ৰবন্ধক গৰাকীয়ে নিৰ্দেশ জাৰি কৰিছিল, যাৰ ফলশ্ৰুতিত সকলো ধৰণৰ কয়লা খননৰ কাম বন্ধ হৈ পৰে ৷ উল্লেখযোগ্য যে, উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া জিলাখনৰ মাৰ্ঘেৰিটাৰ পৰা জাগুনলৈকে অৰ্থনৈতিক ভেটি হিচাবে পৰিগণিত হৈ আহিছে উত্তৰ পূৱ কয়লা ক্ষেত্ৰ ৷

উদ্যোগটোত প্ৰত্যক্ষ ভাবে কেইবা হেজাৰৰো স্থায়ী আৰু অংশকালীন কৰ্মচাৰী জড়িত হৈ আছে । উল্লেখযোগ্য যে, অসমৰ অধিকাংশ কয়লা বঙাইগাঁ‌ও তাপ বিদ্যুৎ প্ৰকল্পত যোগান ধৰা হয়। বোকাজান চিমেণ্ট ফেক্টৰীয়ো উত্তৰ পূৱ কয়লাক্ষেত্ৰৰ কয়লাৰ ওপৰত সম্পূৰ্ণ ভাবে নিৰ্ভৰশীল হৈ আছে। অসমৰ একাংশ চাহ বাগিছা, ইটা ভাটা, আৰু অন্যান্য ক্ষুদ্ৰ উদ্যোগ সমূহ এই কয়লাৰ ওপৰত নিৰ্ভৰশীল।

লগতে পঢ়কঃ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ ওপৰেদি বাগৰিছে পানী: আতংকিত ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.