ETV Bharat / state

Zubeen in Tezpur: জুবিন গাৰ্গ আৰু ৰাজনীতি ! কি কলে তেজপুৰত?

author img

By

Published : Dec 24, 2022, 10:14 PM IST

ৰাজনীতিত এইবাৰ দেখিবলৈ পোৱা যাব জুবিন গাৰ্গক ৷ তেজপুৰ উপস্থিত হৈ ৰাজনীতিক লৈ সংবাদমাধ্যমৰ আগত কিছু অভিজ্ঞতা ব্যক্ত কৰিলে শিল্পীগৰাকীয়ে ৷ অসমৰ ৰাইজক অসমীয়া ছবি চাবৰ বাবেও আহ্বান জুবিন গাৰ্গৰ ৷

Zubeen in Tezpur
জুবিন গাৰ্গ আৰু ৰাজনীতি ! কি কলে তেজপুৰত?

জুবিন গাৰ্গ আৰু ৰাজনীতি ! কি কলে তেজপুৰত?

তেজপুৰ, 24 ডিচেম্বৰ: Politics নকৰা জুবিন এইবাৰ Politicsত ৷ জুবিন আৰু ৰাজনীতি ! শুনিবলৈ এয়া যেন কিবা আচহুৱা লাগে ৷ কিন্তু এইবাৰ আপুনি জুবিন গাৰ্গক(Zubeen Garg) দেখিবলৈ পাব ৰাজনীতিত ৷

দৰাচলতে সদ্য মুক্তিপ্ৰাপ্ত ছবি ৰাজনীতি(Assamese film Rajniti) নামৰ ছবিখনতহে অভিনয় কৰিছে জুবিন গাৰ্গে ৷ সদ্য মুক্তিপ্ৰাপ্ত ছবিখনত এগৰাকী সাংবাদিক(Zubeen Garg acting as a Journalist) হিচাপে দেখিবলৈ পোৱা যাৱ জুবিন গাৰ্গক ৷

উল্লেখ্য যে, শনিবাৰে তেজপুৰত বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে নিশা গীত পৰিৱেশনৰ বাবে উপস্থিত হয় জুবিন গাৰ্গ(Zubeen Garg in Tezpur) ৷ কিন্তু তাৰ পূৰ্বে জুবিন গাৰ্গ উপস্থিত হ’লগৈ তেজপুৰৰ IMP Digital ছবিগৃহত ৷ অসংখ্য অনুৰাগীৰ ভিৰৰ মাজতে জুবিন গাৰ্গে ক'লে ৰাজনীতি ছবিখনত কৰা অভিনয়ৰ কথা ৷ সাংবাদিকৰ চৰিত্ৰ ৰূপায়ণ কৰা জুবিনে ছবিখন অতি ভাল হৈছে উল্লেখ কৰি সকলোকে অসমীয়া ছবি চাবৰ বাবে আহ্বান জনায় ৷ অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ(Barsha Rani Bishaya) সৈতে পোন প্ৰথমবাৰৰ অভিনয় কৰা বুলিও সংবাদমাধ্যমৰ আগত মন্তব্য কৰে শিল্পীগৰাকীয়ে ৷

ইফালে, চিনেমাক লৈ বহু পৰিকল্পনা কৰি থকা বুলিও কয় জুবিন গাৰ্গে ৷ মুক্তি পাবলগীয়া ছবি ড৹ বেজবৰুৱা(Assamese film Dr Bezbaruah) চাইয়ো দৰ্শকে ভাল পাব বুলি কয় জুবিন গাৰ্গে ৷

লক্ষণীয়ভাৱে কণ্ঠশিল্পীগৰাকীয়ে এসময়ৰ বিহুগীতৰ কথা উল্লেখ কৰি বৰ্তমানলৈ কিছু আক্ষেপ প্ৰকাশ কৰি কয়, “আজি বিহুগীতৰ কোনো প্ৰযোজক নাই ৷” এসময়ত বিহুৰ প্ৰাক মুহুৰ্তত ৩০০-৪০০ গীত গোৱা জুবিনে এইবেলি মাত্ৰ ৬০ টা মান বিহুগীততহে কন্ঠদান কৰাৰ কথা উল্লেখ কৰে ৷

আনহাতে, এসময়ৰ বহুল জনপ্ৰিয় এলবাম নাহৰৰ প্ৰসংগত জুবিনে কয়, ‘‘আজিও নাহৰৰ ডিমাণ্ড আছে’’৷ সেয়ে ভৱিষ্যতে নাহৰ মুক্তিৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি জুবিন গাৰ্গে পুনৰ এবাৰ সকলোৰে প্ৰতি আহ্বান জনাই ক'লে, “দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম ৷”(Zubben garg urged to watch Assamese film) ৷

লগতে পঢ়ক: Plum Cultivation in Majuli : 35 বছৰে বিনা বেতেনেৰে শিক্ষকতা কৰা পিতৃক সুখী কৰিলে মাজুলীৰ জীৱন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.