20 শতাংশ বোনাচৰ দাবীত ৰঙাপৰাৰ কলনী চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি
বাগিচা কৰ্তৃপক্ষই শ্ৰমিক সকলক পূজাৰ আগত 15 শতাংশ আৰু মাঘ বিহুৰ সময়ত 5 শতাংশ বোনাচ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ শ্ৰমিকসকলৰ দাবী অনুসৰি শ্ৰমিক সকলক শীঘ্ৰে পূজাৰ আগত 20 শতাংশ বোনাচ প্ৰদান কৰিব লাগে ৷
ৰঙাপৰা, 24 ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ কলনী চাহ বাগিচাত বোনাচক কেন্দ্ৰ কৰি মঙলবাৰে অৰ্থাৎ আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ চাহ বাগিচা কৰ্তৃপক্ষই বাগিচাখনৰ শ্ৰমিক সকলক 20 শতাংশ বোনাচ দুটা ভাগত দিয়াৰ সিদ্ধান্তৰ বাবে চাহ শ্ৰমিক সকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷
জানিব পৰা মতে বাগিচা কৰ্তৃপক্ষই শ্ৰমিক সকলক পূজাৰ আগত 15 শতাংশ আৰু মাঘ বিহুৰ সময়ত 5 শতাংশ বোনাচ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সেয়ে আজি চাহ বাগিচাখনৰ শতাধিক শ্ৰমিকে নিয়মীয়া কাম-কাজ বন্ধ ৰখাৰ লগতে চাহ বাগিচাখনৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকৰ দাবী অনুসৰি শ্ৰমিক সকলক শীঘ্ৰে পূজাৰ আগত 20 শতাংশ বোনাচ প্ৰদান কৰিব লাগে ৷ উল্লেখ্য যে বিগত বৰ্ষ সমূহত বাগিচাৰ কৰ্তৃপক্ষই শ্ৰমিক সকলক দূৰ্গা পূজাৰ সময়ত 15 শতাংশ আৰু জানুৱাৰী মাহত অনাদায় 5 শতাংশ বোনাচ প্ৰদান কৰিছিল ৷ এইবেলিও বোনাচ দুটা ভাগত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও 20 শতাংশ বোনাচৰ দাবীত শ্ৰমিক সকল অটল হৈ পৰে ৷ অৱশ্যে ৰঙাপৰা আৰক্ষী থানাৰ এটা দল বাগিচাখনত উপস্থিত হৈ বাগিচাখনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় ৷

