ETV Bharat / state

One Nation One Election : ভাৰতত এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ ইতিহাস

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 3:02 PM IST

Updated : Sep 15, 2023, 4:18 PM IST

১৯৫১-১৯৫২ চনত দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন সকলো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সৈতে একেলগে অনুষ্ঠিত হৈছিল আৰু ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনতো লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী ৩টা পৰ্যায়লৈকে এই প্ৰথা অব্যাহত আছিল । ভাৰতত এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ ইতিহাস সম্পৰ্কে তেজপুৰৰ পৰা ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন....

ভাৰতত এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ ইতিহাস
One Nation One Election

তেজপুৰ, ১৫ ছেপ্টেম্বৰ : দেশৰ ৰাজনৈতিক দলসমূহৰ মাজত বৰ্তমান সৰ্বত্ৰে চৰ্চিত বিষয়টো হৈছে এক ৰাষ্ট্ৰ, এক নিৰ্বাচন । অহা ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া সংসদৰ বিশেষ অধিবেশনত এই বিধেয়ক গৃহীত কৰাৰ সম্ভাৱনীয়তা আছে । কিন্তু আমাৰ দেশত এক নিৰ্বাচন কেতিয়া আৰু কোন সময়ত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ কাৰকসমূহনো কি আছিল সেই বিষয়ে চৰ্চা কৰাৰ থল আছে ।

পৰ্যালোচনা কৰিলে দেখা যায় যে ১৯৫১-১৯৫২ চনত দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন সকলো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সৈতে একেলগে অনুষ্ঠিত হৈছিল আৰু ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনতো লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী ৩টা পৰ্যায়লৈকে এই প্ৰথা অব্যাহত আছিল । ১৯৬৮-১৯৬৯ চনত ৰাজ্যৰ ওলোমা বিধানসভাই (Hung Assemblies) বিঘিনি ঘটাইছিল ।

প্ৰচলিত এক নতুন ধাৰাৰ বাবে ১৯৭০ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ শাসনৰ অধীনত লোকসভা অকালতে ভংগ কৰি ১৯৭১ চনত নতুনকৈ নিৰ্বাচনৰ আহ্বান জনোৱা হয় । সংবিধানৰ ৩৫২ অনুচ্ছেদৰ অধীনত পঞ্চম লোকসভাৰ কাৰ্যকাল ১৯৭৭ চনলৈকে বৃদ্ধি কৰা হয় । তাৰ পিছত লোকসভা গঠন হোৱাৰ লগে লগে সমকালীন নিৰ্বাচনী সূচীৰ কেলেণ্ডাৰ আৰু অধিক ফালৰিকাটি আঁতৰি যায় । ১৯৭৭, ১৯৮০, ১৯৮৯, ১৯৯৬, ১৯৯৮, ১৯৯৯ চনৰ এই সকলো নিৰ্বাচন অকালতে ভংগ কৰা হৈছিল ।

বিগত সময়ছোৱাত একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল কেইবাখনো ৰাজ্যিক বিধানসভাত । একেলগে অনুষ্ঠিত নিৰ্বাচন দুটা ভাগত বিভক্ত কৰিছিল । যদি এই শিতানত পৰ্যালোচনা কৰি চোৱা হয় ইয়াৰ মূল কাৰণ এইটোৱেই আছিল নেকি যে সেই সময়ত কংগ্ৰেছ চৰকাৰে সংবিধানৰ ৩৫৬ অনুচ্ছেদৰ অপব্যৱহাৰ কৰিছিল নেকি ? ই এক গুৰুত্বপূৰ্ণ প্ৰশ্ন !

ভাৰতত ৰাষ্ট্ৰপতি শাসনৰ দৃষ্টান্ত

এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে ১০০ বাৰকৈ অনুচ্ছেদ ৩৫৬ জাপি দিছে, ইয়াৰে ৯০ বাৰ কেৱল কংগ্ৰেছ চৰকাৰে জাপি দিছে । ৰাজনৈতিক বিশ্লেষকসকলে আগবঢ়োৱা সমীক্ষা অনুসৰি, কেৱল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নিৰ্বাচিত ৰাজ্য চৰকাৰসমূহক উচ্ছেদ কৰিবলৈ অনুচ্ছেদ ৩৫৬ (Article 356) ব্যৱহাৰ কৰিছিল ৫০ বাৰৰ বাবে । ইয়াৰ পূৰ্বে ছবাৰ জৱাহৰলাল নেহৰুৱে এই অনুচ্ছেদ ব্যৱহাৰ কৰিছিল ।

আনহাতে, জনতা চৰকাৰে জৰুৰীকালীন অৱস্থাৰ পৰৱৰ্তী সময়ত ৯ বাৰ ভংগ কৰিছিল । আনহাতে, মোদী চৰকাৰৰ দ্বাৰা ৮ বাৰ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । সেয়া হৈছে অৰুণাচল প্ৰদেশত এবাৰ (জানুৱাৰী, ২০১৬), জম্মু-কাশ্মীৰত ৩ বাৰ (জানুৱাৰী, ২০১৫, জানুৱাৰী, ২০১৬ আৰু অক্টোবৰ ২০১৯), মহাৰাষ্ট্ৰত দুবাৰ (ছেপ্টেম্বৰ, ২০১৪ আৰু নৱেম্বৰ, ২০১৯), উত্তৰাখণ্ডত দুবাৰ (মাৰ্চ, ২০১৬ আৰু এপ্ৰিল, ২০১৬) । আনহাতে, পঞ্জাব হৈছে ১৯৫১ চনত অনুচ্ছেদ ৩৫৬ জাৰি কৰা প্ৰথমখন ৰাজ্য ।

ইয়াৰ বিপৰীতে ভাৰতত অন্তিমবাৰ ৰাষ্ট্ৰপতি শাসন ২০১৯ চনৰ অক্টোবৰ মাহত জম্মু-কাশ্মীৰত প্ৰৱৰ্তন কৰা হৈছিল । উল্লেখ্য যে মণিপুৰ ৰাজ্যত সৰ্বাধিক ১০ বাৰ ৰাষ্ট্ৰপতি শাসন জাপি দিয়া হৈছিল আৰু তাৰ পিছতে উত্তৰৰ প্ৰদেশত মুঠ ৯ বাৰ ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল । ইফালে তেলেংগানা আৰু ছত্তীশগড় হৈছে একমাত্ৰ দুখন ৰাজ্য, য'ত আজিলৈকে কেতিয়াও অনুচ্ছেদ ৩৫৬ জাপি দিয়া হোৱা নাই । কিন্তু অসম এতিয়ালৈকে ৪ বাৰ ৰাষ্ট্ৰপতি শাসনৰ সাক্ষী হৈ আছে । সেয়া হৈছে ১৯৭৯ চনৰ ডিচেম্বৰ, ১৯৮০ চনৰ জুন, ১৯৮২ চনৰ মাৰ্চ আৰু ১৯৯০ চনৰ নৱেম্বৰ মাহত ।

একেলগে নিৰ্বাচনৰ পৰ্যায়ৰ পৰা আঁতৰি যোৱাৰ পিছতো দেশৰ নিৰ্বাচনী আয়োগে ১৯৮৩ চনত কেন্দ্ৰক পৰামৰ্শ দিছিল আৰু অনুৰোধ কৰিছিল যে সঘনাই নিৰ্বাচন অনুষ্ঠিত কৰাটো অতি কঠিন হোৱাৰ বাবে একেলগে সাধাৰণ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰক । ১৯৯০ চনৰ ভিতৰত ভাৰতে কেইবাজনো প্ৰধানমন্ত্ৰীৰ সাক্ষী হৈছিল আৰু ১৯৯৯ চনত ভাৰতৰ আইন আয়োগে এক ৰাষ্ট্ৰ, এক নিৰ্বাচনী তত্ত্বৰ পৰামৰ্শ দিছিল । আইন আয়োগৰ পৰামৰ্শ বিবেচনা কৰি বিজেপিয়ে ২০০২ আৰু ২০১৪ চনত নিৰ্বাচনী ইস্তাহাৰত এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ তত্ত্ব অন্তৰ্ভুক্ত কৰিছিল ।

২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ধাৰণাটো পুনৰ সজীৱ কৰি তুলিছিল । ২০১৮ চনত সংসদীয় সমিতিয়ে এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰো পৰামৰ্শ দিছিল । এতিয়া মোদী চৰকাৰে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন কমিটী গঠন কৰি 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' নামৰ এখন বিধেয়ক উত্থাপন কৰাৰ উদ্দেশ্যৰে বিশেষ সংসদীয় অধিবেশন ১৮ ছেপ্টেম্বৰ পৰা ২২ ছেপ্টেম্বৰলৈ আহ্বান কৰিছে । আনহাতে, মোদী চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে বিৰোধী দলসমূহে অভিযোগ উত্থাপন কৰিছে যে এই ব্যৱস্থাই ভাৰতৰ ফেডাৰেলিজিমৰ গাঁথনি শেষ কৰিব, গণতন্ত্ৰ দুৰ্বল কৰিব ইত্যাদি ।

কিন্তু মূল কাৰণটো হৈছে সাধাৰণ নিৰ্বাচন, ২০২৪ আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন যদি একেলগে অনুষ্ঠিত হয় তেন্তে বিজেপিয়ে সৰ্বাধিক লাভৱান হ'ব নেকি । ইফালে ৰাজ্যসমূহৰ অধিকাংশতেই বিজেপিৰ চৰকাৰ গঠন হোৱাৰ এক পূৰ্ব সমীক্ষা প্রকাশ পাইছে । সেইটোৱেই এক দেশ, এক নিৰ্বাচনৰ বিৰোধিতা কৰা INDIA মিত্ৰজোঁটৰ একমাত্ৰ অন্তৰ্নিহিত উদ্দেশ্য (Hidden Agenda) হ'ব পাৰে বুলি ৰাজনৈতিক সমীক্ষকসকলৰ একাংশৰ মত ।

লগতে পঢ়ক :India vs Bharat Debate: এজন অবিবেচক ব্যক্তিৰ সিদ্ধান্তই ৰাইজক দুৰ্ভোগ ভোগাব; ইণ্ডিয়া নাম সলনি সন্দৰ্ভত অনুৰাগ কাশ্যপ

Last Updated :Sep 15, 2023, 4:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.