ETV Bharat / state

Tezpur University: তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব ‘ধাৰা’ শীৰ্ষক ৰাষ্ট্ৰীয় কৃষি সন্মিলন

author img

By

Published : Jun 1, 2023, 10:39 PM IST

Tezpur University
Tezpur University

‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাবে তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় কৃষি সন্মিলন ৷ তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব এই অনুষ্ঠান ৷

Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব ‘ধাৰা’ শীৰ্ষক ৰাষ্ট্ৰীয় কৃষি সন্মিলন

তেজপুৰ, ১ জুন : ৪ জুনৰ পৰা ৬ জুনলৈ তেজপুৰ বিশ্ববিদ্যালয়ত আয়োজিত হ’ব ‘ধাৰা’ (DHARA) শীর্ষক ভাৰতীয় পৰম্পৰাগত কৃষি মেলা তথা ৰাষ্ট্ৰীয় কৃষি সন্মিলন । দেশত প্ৰচলিত জ্ঞান ভিত্তিক প্ৰাচীন ভাৰতীয় পৰম্পৰাগত কৃষিৰ সম্পর্কে সজাগতা সৃষ্টি আৰু পৰম্পৰাগত কৃষিৰ বৌদ্ধিক সম্পদ সম্পর্কত জনসাধাৰণক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা হৈছে এই কৃষি সন্মিলনৰ ৷ উল্লেখ্য যে ‘আজাদী কা অমৃত মহোৎসৱ’ (Azadi Ka Amrit Mahotsav) উদযাপনৰ অংশ হিচাবে আয়োজন কৰা হৈছে এই অনুষ্ঠান (Tezpur University) ৷

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ে সহযোগী অনুষ্ঠানৰ ভূমিকা গ্ৰহণ কৰা এই সন্মিলন ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ এক উদ্ভাৱানী কোষ Indian Knowledge Systems (IKS)ৰ সহযোগত উদযাপিত হ’ব ৷

সন্মিলনখনিৰ আয়োজন সন্দর্ভত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে কয়, ‘‘এই ‘ধাৰা’ সন্মিলন হৈছে কৃষক, বিজ্ঞানী, নীতি নিৰ্ধাৰক, উদ্যোগ বিশেষজ্ঞ আৰু কৃষি অনুৰাগীসকলক একত্ৰিত কৰি পাৰস্পৰিক ধ্যান-ধাৰণা, জ্ঞান, অভিজ্ঞতাৰ আদান-প্ৰদানৰ বাবে ভাৰতৰ সমৃদ্ধিশালী কৃষি ঐতিহ্য প্ৰদৰ্শনৰ এক মঞ্চ।’’

এই অনুষ্ঠানৰ লক্ষ্য সম্প্ৰতি কৃষি খণ্ডই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰা আৰু আত্মনির্ভৰ কৃষি-ব্যৱস্থা গঢ়ি তোলাৰ বাবে সম্ভাৱনীয়তাৰ অন্বেষণ কৰা বুলিও তেওঁ মন্তব্য কৰে (National Agricultural Conference in Tezpur) ।

তিনিদিনীয়া কার্যসূচীৰে আয়োজিত হ’ব লগা সন্মিলনখনত আলোচনা চক্ৰ, কৰ্মশালা, প্ৰদৰ্শনী, ক্ষেত্ৰ প্ৰদৰ্শন, ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা আদিকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী অর্ন্তভুক্ত হ’ব ৷ তিনিওটা দিনৰ কার্যসূচীত উপস্থিত থাকি দেশৰ প্ৰখ্যাত কৃষি বিশেষজ্ঞ, বিজ্ঞানী আৰু নীতি নিৰ্ধাৰকসকলে বহনক্ষম সম্পদ ব্যৱস্থাপনাৰ বাবে ভাৰতীয় জ্ঞান, কৃষি ভিত্তিক উদ্যোগীকৰণ, পশুধন আৰু খাদ্য সুৰক্ষা ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিব ।
এই সন্মিলনখনত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয় , সাংস্কৃতিক মন্ত্ৰালয়, ভাৰতীয় জ্ঞান ব্যৱস্থাৰ (IKS) প্ৰতিনিধি আৰু কর্মকৰ্তাসকলে অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক: Wild elephant died : ১১ দিনৰ পাচত মৃত্যু হ’ল ঠেলামৰাৰ পিটনিত আৱদ্ধ হৈ থকা হাতীটোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.