ETV Bharat / state

মিজোৰামৰ CIJWSত ৰণডংকা ভাৰত-জাপান সেনাৰ

আজিৰে পৰা মিজোৰামত আৰম্ভ হৈছে ভাৰতীয় স্থলসেনা আৰু জাপানী স্থলসেনাৰ যুটীয়া সৈন্য অনুশীলন ৷ মিজোৰামৰ ভিৰাংটেস্থিত স্থলসেনাৰ Counter Insurgency and Jungle Warfare School চমুকৈ CIJWSত আৰম্ভ হৈছে যুটীয়া অনুশীলন "Exercise Dharma Guardian 2019" শীৰ্ষক অনুশীলন ৷

ভাৰতীয় স্থলসেনা আৰু জাপানী স্থলসেনাৰ মাজত যুটীয়া সৈন্য অনুশীলন

Published : October 19, 2019 at 10:07 PM IST

Choose ETV Bharat

তেজপুৰ, 19 অক্টোবৰঃ ভাৰতীয় স্থলসেনা আৰু জাপানী স্থলসেনাৰ মাজত শনিবাৰৰ পৰা আৰম্ভ হয় এক যুটীয়া সৈন্য অনুশীলন ৷ "Exercise Dharma Guardian 2019" শীৰ্ষক নামে অনুষ্ঠিত হৈছে এই যুটীয়া অনুশীলন ৷ মিজোৰামৰ ভিৰাংটেস্থিত স্থলসেনাৰ Counter Insurgency and Jungle Warfare School চমুকৈ CIJWSত আজিৰে পৰা আগন্তুক 72 ঘন্টা ধৰি চলিব এই অনুশীলন ৷

ভাৰতীয় স্থলসেনা আৰু জাপানী স্থলসেনাৰ মাজত যুটীয়া সৈন্য অনুশীলন

লগতে পঢ়কঃ ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰথমবাৰলৈ NCCৰ নৌকাযাত্ৰা

ভাৰতীয় স্থলসেনাৰ ডোগ্ৰা ৰেজিমেন্ট আৰু জাপানী সেনাৰ Japanese Ground Self Defence Forceৰ 34 ইনফেন্ট্ৰি ৰেজিমেন্টৰ 1st Divৰ সৈনিকসকলে অংশগ্ৰহণ কৰিছে এই অনুশীলনত ৷ দুয়োখন দেশৰ 25 গৰাকীকৈ সৈনিকে অংশগ্ৰহণ কৰিবলগীয়া এই অনুশীলনত সৈনিকসকলৰ পাৰস্পৰিক সম্পৰ্কৰ লগতে অন্যান্য দিশত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব ৷ ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰণালীৰ লগতে জাপানী সেনাৰ অস্ত্ৰ প্ৰণালী আৰু সৈনিক অভ্যাসৰ যুটীয়া আদান-প্ৰদান হ'ব এই অনুশীলনত ৷ এই অনুশীলনৰ দ্বাৰা সন্ত্ৰাসবাদ প্ৰতিৰোধ,গেৰিলা যুদ্ধাভ্যাস, জংঘল যুদ্ধাভ্যাস,জংঘলত জীয়াই থকাৰ পদ্ধতি ইত্যাদি দিশৰ ওপৰত অধিক প্ৰশিক্ষণ গ্ৰহণ কৰিব দুয়োখন দেশৰ সৈনিকসকলে ৷

উল্লেখ্য যে,ভাৰত আৰু জাপানৰ সেনাৰ মাজত অনুষ্ঠিত হোৱা এয়া হৈছে দ্বিতীয়টো যুটীয়া সৈন্যাভ্যাস ৷ বিগত বৰ্ষৰ 1ৰ পৰা 14 নৱেম্বৰলৈ মিজোৰামৰ ভিৰাংটেস্থিত CIJWSত চলিছিল এই অনুশীলন ৷ ভাৰতীয় সেনাৰ 6/1 গোৰ্খা ৰেজিমেন্ট আৰু Japanese Ground Self Defence Forceৰ 32 ইনফেন্ট্ৰি ৰেজিমেন্টৰ সৈনিকে প্ৰথমটো "Exercise Dharma Guardian 2018"ত অংশগ্ৰহণ কৰিছিল ৷

উল্লেখ্য যে, মিজোৰামৰ ভিৰাংটেস্থিত CIJWS হৈছে এখন বিশ্বমানৰ সৈনিক প্ৰশিক্ষণ প্ৰতিষ্ঠান য'ত জংঘল যুদ্ধশৈলীৰ লগতে গেৰিলা যুদ্ধশৈলীৰ ওপৰত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে ভাৰতীয় স্থলসেনাই ৷ ভাৰতীয় স্থলসেনাৰ সাধাৰণ পদাতিক সৈনিকৰ লগতে ভাৰতীয় সৈন্যবাহিনীৰ অন্তৰ্গত বিশেষ বাহিনী আৰু অন্যান্য অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী বাহিনীৰ কামাণ্ডো ইউনিটক ইয়াত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ CIJWSৰ অৱস্থান আৰু উন্নতমানৰ বিজ্ঞানসন্মত প্ৰশিক্ষণ নীতিৰ বাবেই বছৰি ইয়াত বিশ্বৰ আগশাৰীৰ সৈন্যবাহিনীৰ বিশেষ বাহিনী অৰ্থাৎ কামাণ্ডো ইউনিটসমূহে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহে ৷

Intro:OPENING CEREMONY

INDO - JAPAN JOINT MILITARY EXERCISE DHARMA GUARDIAN – 2019

তেজপুৰ,১৯ অক্টোবৰ : ভাৰত আৰু জাপানৰ দ্বিতীয় বাৰ্ষিক ব্লিটেৰেল যৌথ অনুশীলন আজিৰে পৰা মিজোৰামৰ ভেৰাইনগেটৰ উগ্ৰপন্থী প্ৰতিৰোধক জংঘল কল্যান স্কুলত আৰম্ভনি হয় ৷
Body:জাপানৰ 34 ইনফেন্টৰী ৰেজিমেন্টৰ প্ৰথম ডিভিজনৰ জাপানিজ গ্ৰাণ্ড চেল্ফ ডিফেঞ্চ ফৰ্চ আৰু ভাৰতীয় সেনাৰ ড্ৰোগ্ৰা ৰেজিমেন্টৰ বাহিনীয়ে ৷ মুঠ 25 জন সৈন্যৰ অংশৰে আৰম্ভ হোৱা এই অনুশীলনৰ উদ্দেশ্য হৈছে যুতিয়া অনুশীলন উগ্ৰবাদ আৰু উগ্ৰপন্থী বিৰুদ্ধী অভিযান ৷অনুশীলন "Exercise Dharma Guardian – 2019", দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অক্ষুন্ন ৰখা কাৰিকৰি দিশত ৷
Conclusion:এই অনুশীলনৰ জৰীয়তে সেনাৰ দুয়ো দেশৰ অনুশীলন আৰু পদ্ধতি আদান প্ৰদান আৰু বিভিন্ন নতুন নতুন মাৰানঅস্ত্ৰৰ প্ৰশিক্ষন লোৱা হয় ৷ 72 ঘন্টা ধৰি বিভিন্ন কলা কুশলীৰ জৰীয়তে এই অনুশীলন আজিৰে পৰা মিজোৰামত আৰম্ভ কৰিছে ৷

Pranab kumar Das
Tezpur
19/10/19