ETV Bharat / state

তাপী মিৰা আজিও সন্ধানহীন, ভাৰতীয় সেনাই সামৰিলে উদ্ধাৰ অভিযান

author img

By

Published : Sep 23, 2022, 1:28 PM IST

Updated : Sep 23, 2022, 2:24 PM IST

অৰুণাচলৰ প্ৰথমগৰাকী পৰ্বতাৰোহী তাপী মিৰাক বিচাৰি ভাৰতীয় সেনাই আৰম্ভ কৰা উদ্ধাৰ অভিযান সামৰিলে (Army rescue operation in search of Tapi Mira ends)। ধ্বংসস্তুপত পৰিণত তাপী মিৰাৰ ১ আৰু ২ নম্বৰ বেছ কেম্প । এতিয়াও সন্ধান নাই তাপী মিৰা আৰু নিকো দাওৰ ।

Tapi Mira
তাপী মিৰা আজিও সন্ধানহীন

তেজপুৰ,২৩ ছেপ্টেম্বৰ : অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী পৰ্বতাৰোহী তাপী মিৰা আজিও সন্ধানহীন (Mountaineer Tapi Mra missing)। যোৱা আগষ্ট মাহৰ পৰাই সন্ধানহীন পৰ্বতাৰোহীক বিচাৰি ভাৰতীয় সেনা, এছআৰএফৰ দলে অভিযান চলাই (Tapi Mira rescue operation) আছিল যদিও আজিলৈ কোনো শুংসূত্ৰ পোৱা নাই অভিযানকাৰী দলটোৱে । অৱশেষত এই অভিযান সমাপ্ত কৰিলে ভাৰতীয় সেনাৰ অভিযানকাৰী দলে । প্ৰতিৰক্ষা বিভাগৰ তেজপুৰৰ মুখপাত্ৰ কৰ্ণেল এ এছ ৱালিয়াই এই কথা জনায় ।

যোৱা ১২ ছেপ্টেম্বৰত পূব কামেং জিলাৰ চেপাৰ পৰা বেছ কেম্পত উপস্থিত হোৱা সেনাৰ চিতা (Cheetah) হেলিকপ্টাৰৰ জৰিয়তে অভিযান চলাইছিল আৰু পৰ্বত আৰোহণ কৰি ৭ জনীয়া ভাৰতীয় সেনাৰ দলটো উপস্থিত হৈছিল প্ৰথম আৰু দ্বিতীয় বেছ কেম্পত । কিন্তু বেছ কেম্পত উপস্থিত হৈ আচৰিত হৈ পৰিছিল সেনাৰ দলটো । কাৰণ প্ৰচণ্ড হিমস্খলনৰ দৃশ্যই উদ্বিগ্ন কৰি তোলে অভিযানকাৰী দলটোক । মিৰাৰ বেছ কেম্পত প্ৰকাণ্ড প্ৰকাণ্ড শিল সিঁচৰতি হৈ পৰি থকা দেখিছিল অভিযানকাৰী দলটোৱে ।

Tapi Mira
ভাৰতীয় সেনাৰ উদ্ধাৰ অভিযান সমাপ্ত

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ এক ভিতৰুৱা দুৰ্গম অঞ্চলত এই পৰ্বত আৰোহণ কৰিছিল উজনি সোৱণশিৰিৰ তাপী মিৰাই । Khyarw নামৰ অঞ্চলৰ পৰা মিৰাৰ লগত যোৱা পৰ্টাৰ নিকো দাও নিৰুদেশ হৈ আছিল । যোৱা ২৭ আগষ্টত নিৰুদেশ হোৱা মিৰা আৰু নিকোৰ বিষয়ে ৩০ আগষ্টত অৰুণাচল প্ৰদেশৰ চৰকাৰ আৰু পৰ্বত আৰোহণকাৰী সংস্থাৰ আহ্বান ক্ৰমে তাপী মিৰাৰ সন্ধানত নামি পৰিছিল সেনাৰ দল ।

সেনাই লগে লগেই অভিযান আৰম্ভ কৰিছিল যদিও প্ৰতিকূল বতৰৰ বাবে পূব কামেঙৰ সদৰ চেপাত অপেক্ষা কৰি ১২ ছেপ্টেম্বৰত সেনাৰ হেলিকপ্টাৰ অভিযানেৰে উক্ত স্থানত উপস্থিত হ'বলৈ সক্ষম হৈছিল (Army search operation at base camp of Tapi Mira)। তাৰ পিছত মুঠ ১০ দিন সময় উক্ত স্থানৰ কাষত উপস্থিত হৈ এই অভিযান চলাইছিল সেনাৰ দলে ।

Tapi Mira
ভাৰতীয় সেনাৰ উদ্ধাৰ অভিযান সমাপ্ত

কিন্তু উদ্ধাৰৰ বাবে যোৱা দলটো বিমুখ হৈ উভতি আহে । বৃহস্পতিবাৰে মিৰাৰ পৰিয়ালৰ লোকে শোকত ম্ৰিয়মান হৈ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীক পুনৰ অভিযান চলাবলৈ আহ্বান জনাইছে । লগতে তেওঁলোকে কয় যে যদি চৰকাৰে নোৱাৰে পৰিয়ালৰ পৰা এইবাৰ নিজাববীয়াকৈ এই অভিযানৰ আৰম্ভ কৰিব । উল্লেখ্য যে মিৰা এগৰাকী সুদক্ষ পৰ্বতাৰোহী আৰু অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী পৰ্বত আৰোহণ কৰা ব্যক্তি । মিৰাই নিকো দাওৰ লগত ২০০৯ চনত মাউন্ট এভাৰেষ্ট আৰোহণ কৰিছিল ।

লগতে পঢ়ক :তাপী মিৰাৰ সন্ধানত বেছ কেম্পত উপস্থিত সেনাৰ দল

Last Updated : Sep 23, 2022, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.