ETV Bharat / state

Har Ghar Triranga: শালনিবাৰীৰ প্ৰশিক্ষণ শিৱিৰৰ প্ৰশিক্ষাৰ্থীৰ হৰ ঘৰ ত্ৰিৰংগা অভিযান

author img

By

Published : Jul 28, 2022, 4:38 PM IST

har ghar triranga campaign in tezpur
Har Ghar Tiranga: SSB শালনিবাৰীৰ প্ৰশিক্ষণ শিৱিৰৰ প্ৰশিক্ষাৰ্থীৰ দ্বাৰা হৰ ঘৰ ত্ৰিৰঙ্গা অভিযান

'আজাদী কা অমৃত উৎসৱ'(Azadi Ka Amrit Mahotsav)ৰ লগত সংগতি ৰাখি দেশত 'হৰ-ঘৰ ত্ৰিৰংগা’ অভিযান অসমতো তীব্ৰতৰ হৈছে(Har Ghar Triranga Programme in Assam) । জিলাই জিলাই দেখা গৈছে মহিলাসকলৰ মাজত ব্যাপক উৎসাহ । প্ৰতিটো প্ৰান্ততে মুকলি কৰা হৈছে ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ ।

তেজপুৰ, ২৮ জুলাই: ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ(75th years of Independence of India) হোৱা উপলক্ষে 'আজাদী কা অমৃত উৎসৱ'(Azadi Ka Amrit Mahotsav)ৰ লগত সংগতি ৰাখি দেশত চলি থকা 'হৰ-ঘৰ ত্ৰিৰংগা’ অভিযানে(Har Ghar Triranga Abhiyan) অসমতো এক গতি লাভ কৰিছে(Har Ghar Triranga Programme in Assam) । ১৩ৰ পৰা ১৫ আগষ্টলৈকে ঘৰে-ঘৰে ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ লগতে এই অভিযানে দেশৰ স্বাধীনতা দিৱসৰ মৰ্ম উপলব্ধি কৰি দেশ মাতৃৰ সেৱাৰ মনোভাৱ জগাই তোলাৰ উদ্দেশ্যেৰেই চলোৱা হৈছে এই অভিযান ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তেজপুৰ শালনিবাৰীত সশস্ত্ৰ সীমা বলৰ তেজপুৰ শালনিবাৰীৰ প্ৰশিক্ষণ শিৱিৰৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা উপ-মহাপৰিদৰ্শক মনমোহন সিঙৰ নেতৃত্বত উলিওৱা হয় 'হৰ-ঘৰ ত্ৰিৰংগা’ অভিযানৰ সজাগতা সমদল । গাঁৱৰ ৰাইজৰ মাজত গৈ পতাকাৰ বিষয়ে অৱগত কৰাৰ লগতে সকলো লোককে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় । আনহাতে সীমা বলৰ তৰফৰ পৰা ৰাইজক ত্ৰিৰংগা পতাকা যোগান ধৰাৰ হব বুলি ঘোষণা কৰে ।

লগতে পঢ়ক: Har Ghar Tiranga: কলিয়াবৰত একেদিনাই মুকলি দুটাকৈ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.