শিৱসাগৰৰ বৰাহী চাহ বাগিচাত বোনাচক লৈ চাহ শ্ৰমিকৰ প্ৰতিবাদ
বোনাচক কেন্দ্ৰ কৰি শিৱসাগৰ জিলাৰ সোণাৰিৰ বৰাহী চাহ বাগিচাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ 20 শতাংশৰ পৰিৱৰ্তে 16 শতাংশ বোনাচ প্ৰদানৰ সিদ্ধান্তত ক্ষুব্ধ বাগিচাখনৰ চাহ শ্ৰমিক ৷
শিৱসাগৰ, 20 চেপ্তেম্বৰঃ শাৰদীয় দুৰ্গাপূজা সমাগত ৷ সমগ্ৰ ৰাজ্যৰ লগতে এতিয়া চাহ বাগিচা সমূহতো দুৰ্গা পূজাক লৈ ব্যাপক উলহ মালহ ৷ তাৰ মাজতে বোনাচক কেন্দ্ৰ কৰি শিৱসাগৰ জিলাৰ সোণাৰিৰ বৰাহী চাহ বাগিচাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ অভিযোগ অনুসৰি,অসমৰ বিভিন্ন চাহ বাগিচাৰ শ্ৰমিক সকলে দুৰ্গা পূজাৰ প্ৰাকমুহুৰ্তত 20 শতাংশ বোনাচ প্ৰদান কৰিবলৈ দাবী জনাই আহিছিল যদিও বৰাহী চাহ বাগিচাৰ কৰ্তৃপক্ষই মাত্ৰ 16 শতাংশ বোনাচ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷
উল্লেখযোগ্য যে, অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখা আৰু বৰাহী চাহ বাগিচা শ্ৰমিক ইউনিয়নৰ একাংশ নেতাই বাগিচা খনৰ শ্ৰমিকসকলৰ লগত কোনো আলোচনা নকৰাকৈ 16 শতাংশ বোনাচ প্ৰদানৰ বাবে বৰাহী চাহ বাগিচা কৰ্তৃপক্ষৰ লগত বুজাবুজি কৰিছিল ৷ এই কথা জানিব পাৰি শুকুৰবাৰে বাগিচাখনৰ শ্ৰমিক সকলে বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদৰ ফলত বহু সময় ধৰি বাগিচা খনত তীব্ৰ উত্তেজনা সৃষ্টি হয় ৷ অৱশেষত বাগিচাখনৰ পৰিচালক গৰাকীয়ে 20 শতাংশ বোনাচ প্ৰদানৰ বাবে মালিক পক্ষৰ লগত আলোচনা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াত শ্ৰমিকসকলে প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰাখে ৷
Story-BONUS_STRIKE
Ananta Smith
Sivasagar
20th September
A_SVR_20TH_SEP_805-808_BONUS_STRIKE_7203499
সমাগত শাৰদীয় দূৰ্গোৎসৱৰ সময়তে বোনাচক কেন্দ্ৰ কৰি সোণাৰিৰ বৰাহী চাহ বাগিচাত সৃষ্টি হৈছে উত্তপ্ত পৰিবেশ। অসমৰ বিভিন্ন চাহ বাগিচাৰ শ্ৰমিক সকলে দুৰ্গা পূজাৰ প্ৰাকমুহুৰ্তত ২০ শতাংশ বোনাচ প্ৰদান কৰিবলৈ দাবী জনায় আহিছিল যদিও বৰাহী চাহ বাগিচা কৰ্তৃপক্ষই মাত্ৰ ১৬ শতাংশ বোনাচ প্ৰদান কৰিবলৈ উলোৱাত আজি জাঙুৰ খাই উঠে বাগিচাখনৰ শ্ৰমিকসকল। জানিব পৰা মতে অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখা আৰু বৰাহী চাহ বাগিচা শ্ৰমিক ইউনিয়নৰ একাংশ নেতাই বাগিচা খনৰ শ্ৰমিকসকলৰ আলোচনা নকৰাকৈয়ে ১৬ শতাংশ বোনাচ প্ৰদানৰ বাবে বৰাহী চাহ বাগিচা কৰ্তৃপক্ষৰ লগত এক বুজাবুজি কৰিছিল। সেইকথা জানিব পাৰি শ্ৰমিক সকলে আজি বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত বহু সময় ধৰি বাগিচা খনত তীব্ৰ উত্তেজনা সৃষ্টি হোৱাত পৰিচালক গৰাকীয়ে ২০ শতাংশ বোনাচ প্ৰদানৰ বাবে মালিক পক্ষৰ লগত আলোচনা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াত শ্ৰমিকসকলে প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰাখে।
Bite-প্ৰতিবাদকাৰীConclusion:

