ETV Bharat / state

Jal Jeevan Mission Scheme: আমগুৰিত জল জীৱন মিছন আঁচনি ৰূপায়ণত বিসংগতিৰ অভিযোগ

author img

By

Published : Oct 14, 2022, 12:41 PM IST

Updated : Oct 14, 2022, 1:39 PM IST

প্ৰতিটো ঘৰত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী প্ৰকল্প হৈছে জল জীৱন মিছন (Central Government project Jal Jeevan Mission) । কিন্তু বহু ৰাজ্যৰ বিভিন্ন প্ৰান্তত জল জীৱন মিছন ৰূপায়ণত পোহৰলৈ আহিছে বিভিন্ন অনিয়ম তথা প্ৰহসনৰ ঘটনা । আমগুৰিৰ মাজগাঁৱত জল জীৱন মিছন আঁচনিৰ পাইপ ড্ৰিলিঙৰ পিছতে চপৰা-চপৰে খহিল পকী পথ (Scam on JJM in Jonai) ।

discrepancies in jal jeevan mission scheme
Jal Jeevan Mission Scheme: আমগুৰিত জল জীৱন মিছন আঁচনি ৰূপায়ণত বিসংগতিৰ অভিযোগ

আমগুৰি, ১৪ অক্টোবৰ: জল জীৱন মিছন আঁচনি ৰূপায়ণত বিসংগতিৰ অভিযোগ(Scam on JJM in Jonai) । আমগুৰি সমষ্টিৰ খনামুখ মাজগাঁৱত পানী যোগান আঁচনি ৰূপায়ণত বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে(Central Government project Jal Jeevan Mission) । জল জীৱন মিছন আঁচনিৰ পাইপ ড্ৰিলিঙৰ পিছতে চপৰা-চপৰে পকী পথ খহি ভাঙি যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । জামুগুৰি খনামুখ সংযোগী পথৰ মাজগাঁও অংশত পকী পথ খহি যোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল ।

পাইপ ড্ৰিলিঙৰ নামত পকীপথ ভঙা কাৰ্যৰ বিৰোধীতা কৰি বিভাগীয় বিষয়াৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় লোকসকলে । উল্লেখ্য যে জল জীৱন মিছন আঁচনিৰ পাইপ ড্ৰিলিঙ কৰোতে মূল পথৰ পৰা এক-ডেৰ মিটাৰ আঁতৰত পাইপ বহুৱাব লাগে যদিও বিভাগীয় ঠিকাদাৰে মইমতালিৰে মূল পথৰ কাষতে ড্ৰিলিঙ কৰাত পথটো ভাঙিবলৈ আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষোভিত ৰাইজে । ড্ৰিলিঙৰ কাম সঠিকভাৱে কৰিবলৈ দাবী অঞ্চলটোৰ ৰাইজৰ ।

Jal Jeevan Mission Scheme: আমগুৰিত জল জীৱন মিছন আঁচনি ৰূপায়ণত বিসংগতিৰ অভিযোগ

উল্লেখ্য যে ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ(Department of Public Health of Assam)অধীনত যোৱা তিনি বছৰ ধৰি ৰূপায়িত হৈ আছে জল জীৱন মিছনৰ কাম(Jal Jeevan Mission project on Assam) । ইতিমধ্যে অসম চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে প্ৰচাৰ তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে জল জীৱন মিছনৰ শীৰ্ষক গীতো মুকলি কৰিছে । কিন্তু তাৰ মাজতে বহু ঠাইত জল জীৱন মিছন ৰূপায়ণত পোহৰলৈ আহিছে বিভিন্ন অনিয়ম তথা প্ৰহসনৰ ঘটনা ।

অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ তথা আঁচনিৰ প্ৰাক্কলন নীতিবৰ্হিভূত ভাৱে ৰূপায়ণৰ অভিযোগ উঠিছে । ঠিকাদাৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (Public Health and Engineering Department Assam) বিষয়া-অভিযন্তাৰ বৃহৎ অংকৰ ধনৰ কমিছনত দুৰ্নীতিৰ আশ্ৰয় লৈ আঁচনিখন ৰূপায়ণ কৰি পানী যোগান ধৰাৰ কিছুদিন পিছতে বহু স্থানত বিসংগতিয়ে দেখা দিয়া পৰিলক্ষিত হৈছে ।

কিন্তু এই ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাই কোনো কাণসাৰ । কিন্তু এনদৰে দুৰ্নীতিৰ আশ্ৰয় লৈ জল জীৱন মিছনৰ প্ৰকল্প নিৰ্মাণ কৰা ঠিকাদাৰ তথা বিষয়া-অভিযন্তাৰ ওপৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপৰ্তৃক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক: নামৰূপৰ থাৰ্মেলতৰ্মে হাতীৰ মৃতমৃ দেহ উদ্ধাৰ

Last Updated :Oct 14, 2022, 1:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.