ETV Bharat / state

Assam Movement Leader Passes Away: চিৰবিদায় মাগিলে অসম আন্দোলনৰ অগ্ৰণী নেতা ৰবীন গগৈয়ে

author img

By

Published : Jun 11, 2023, 5:25 PM IST

অসম আন্দোলনৰ অগ্ৰণী নেতা ৰবীন গগৈৰ দেহাৱসান ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শনিবাৰে পুৱা 61 বছৰ বয়সত দেহাৱসান ঘটে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ (Assam Movement Leader Rabin Gogoi passes away) ৷

Assam Movement Leader Rabin Gogoi passes away
আমগুৰিত শোকৰ ছাঁ

আমগুৰি, 11 জুন: অসম আন্দোলনৰ অগ্ৰণী নেতা, পুৰোধা ব্যক্তি, সমাজকৰ্মী ৰবীন গগৈৰ দেহাৱসান ৷ শনিবাৰে পৰলোকপ্ৰাপ্তি ঘটে শিৱসাগৰ জিলাৰ আমগুৰিৰ সমাজ জীৱনৰ অন্যতম কাণ্ডাৰী ৰবীন গগৈৰ ৷ অসম আন্দোলনৰ নেতা, অসম গণ পৰিষদ আমগুৰি বিধান পৰিষদৰ নীতি নিৰ্ধাৰণ সমিতিৰ প্ৰাক্তন সম্পাদক, আমগুৰি ব্যৱসায়ী সন্থাৰ সভাপতি, বৃহত্তৰ আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি আৰু আমগুৰিৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰ অন্যতম কাণ্ডাৰী ৰবীন গগৈৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শনিবাৰে পুৱা 61 বছৰ বয়সত দেহাৱসান ঘটে (Assam Movement Leader Rabin Gogoi passes away) ৷

1984-85 চনত আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হিচাপে থকা ৰবীন গগৈ অসম আন্দোলনৰ লগত সক্ৰিয় ভাৱে জড়িত আছিল ৷ আমগুৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰবীন গগৈ, আমগুৰি ব্যৱসায়ী সন্থাৰ বৰ্তমানৰ সভাপতিৰ পদত অধিষ্ঠিত আছিল ৷ অগপ আমগুৰি সমষ্টিৰ কৰ্ণধাৰ সমিতিৰ সভাপতি তথা এসময়ত শিৱসাগৰ মহকুমাৰ ছাত্ৰ সন্থাৰো তেওঁ সম্পাদক আছিল (Assam Movement Leader Rabin Gogoi) ৷

1979 চনত আৰম্ভ হোৱা অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ আমগুৰি অঞ্চলত সক্ৰিয়ভাৱে ছাত্ৰ আন্দোলনটোক নেতৃত্ব দি সকলোৰে মাজত তেওঁ জনপ্ৰিয় হৈ পৰিছিল আৰু জীৱনৰ শেষ বয়সলৈকে সকলোৰে লগত সৰল, বিনয়ী আৰু অমায়িকভাৱে তেখেতে সামাজিক কাম-কাজ চলাই আছিল ৷ ৰবীন গগৈৰ বিয়োগত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা, অগপৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰা, অগপৰ শিৱসাগৰ জিলা পৰিষদ, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সুদৰ্শন বব হাজৰিকা, ৰাইজৰ দল শিৱসাগৰ জিলা সমিতি, পূৱেৰুণ শিল্পী সমাজ, আমগুৰি ই-মিডিয়া, আমগুৰি ব্যৱসায়ী সন্থা, প্ৰমুখ্যে আমগুৰিৰ সকলো দল- সংগঠন সংবাদসেৱীয়ে দুখ প্ৰকাশ কৰিছে (Assam Movement Leader Passes Away) ৷

আজি গুৱাহাটীৰ পৰা ৰবীন গগৈৰ নশ্বৰ দেহ আমগুৰি আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ জাঁজী দলঙৰ পৰা তেখেতৰ নশ্বৰ দেহ শোভাযাত্ৰা কৰি আনি আমগুৰি চাৰিআলিত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনায় ৰাইজে (Assam Ex Student Leader Passes Away) ৷

লগতে পঢ়ক: Mangal Dhillon Passed Away: জন্মদিনৰ এসপ্তাহ পূৰ্বেই ইহলীলা ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা মংগল ধিলনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.