ETV Bharat / state

Bardaisila Theatre: বৰদৈচিলা থিয়েটাৰৰ নাট্যযাত্ৰাৰ শুভাৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 1:12 PM IST

Theatrical journey of Bardaisila Theatre is begins
বৰদৈচিলা থিয়েটাৰৰ নাট্যযাত্ৰাৰ শুভাৰম্ভ

নলবাৰীত বৰদৈচিলা থিয়েটাৰৰ ২০২৩-২৪ বৰ্ষৰ নাট্যযাত্ৰাৰ শুভাৰম্ভ । এই বৰ্ষৰ নাট্যমঞ্চ উদ্বোধন কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । শুকুৰবাৰে নাট্যমঞ্চ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি । তিনিখনকৈ নাটকৰে নাট্যযাত্ৰা আৰম্ভ কৰা দলটিৰ কলা-কুশলীয়ে আশীষ বিচাৰিলে অসমবাসী ৰাইজৰ ।

বৰদৈচিলা থিয়েটাৰৰ নাট্যযাত্ৰাৰ শুভাৰম্ভ

নলবাৰী,২ ছেপ্টেম্বৰ: শুকুবাৰে শুভাৰম্ভ কৰা হয় ৰাজ্যৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল বৰদৈচিলা থিয়েটাৰৰ ২৬ সংখ্যক নাট্যবৰ্ষৰ । নলবাৰীৰ শনিৰোডত মাংগলিক অনুষ্ঠানেৰে শুভাৰম্ভ হয় বৰদৈচিলা থিয়েটাৰৰ এই বৰ্ষৰ নাট্যবৰ্ষ । বৰদৈচিলা থিয়েটাৰৰ এইবেলি নাট্য মঞ্চ আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ।

তাৰোপৰি বৰদৈচিলা থিয়েটাৰৰ নাট্যাৰম্ভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি । প্ৰায় ডেৰমাহজোৰা আখৰাৰ অন্তত কেইবাখনো ব্যয়বহুল নাটকৰে শুকুৰবাৰে শনিৰোডত ৰাইজৰ মাজলৈ ওলাই আহে নাট্যগোষ্ঠীটো ।

২০২২ বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি এইবেলি ২৬ বছৰত খোজ দিয়া নাট্যগোষ্ঠীটোৰ নাট্যমঞ্চ শুভ উদ্বোধন কৰিবলৈ পাই যথেষ্ট আনন্দ অনুভৱ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । ২৬ বছৰীয়া বৰদৈচিলা থিয়েটাৰৰ নাট্যযাত্ৰা অনাগত সময়ত আৰু আগুৱাই যোৱাৰ কামনা কৰে উদ্বোধক তথা মন্ত্ৰীগৰাকীয়ে । লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ভ্ৰাম্যমাণ নাট্যদলসমূহক জীয়াই ৰখাৰ বাবে সদায় কাম কৰি অহা বুলি সদৰি কৰে ।

উল্লেখযোগ্য যে, নজৰুল ইছলাম প্ৰযোজিত বৰদৈচিলা থিয়েটাৰৰ ২০২৩-২৪ বৰ্ষৰ শুভ-নাট্যাৰম্ভত ভালেসংখ্যক সাংস্কৃতিক কৰ্মীয়ে শুভেচ্ছা জ্ঞাপন কৰে । নলবাৰীৰ পানীগাঁও সমীপৰ পূৱ-বনগাঁওৰ স্থায়ী আখৰা শিৱিৰত নাট্য আখৰা আৰম্ভ কৰা বৰদৈচিলাৰ এইবর্ষৰ আকৰ্ষণীয় নাট্যসম্ভাৰৰ ভিতৰত আছে জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ 'ফুটপাথত মেঘালীৰ বিয়া', নাট্যকাৰ সতীশ দাসৰ 'মনৰ মানুহ' আৰু ৰঞ্জু হাজৰিকাৰ উপন্যাসৰ আধাৰত সেৱাব্ৰত বৰুৱাৰ নাট্যৰূপ 'হাত' ।

এইবৰ্ষৰ বৰদৈচিলা থিয়েটাৰৰ মঞ্চ শুৱনি কৰিব মৃদুল বৰুৱা, চিন্ময় কটকী, মোহময়ী অভিনেত্ৰী কাজল শৰ্মা, দীপাংকৰ প্ৰতিম বৰা, পপী পৰ্ণা, পংকুল বৰা, গুনীন শৰ্মা, জিতেন দাস, কল্পনা দাস, মুন্না আলম আদিৰ লগতে এদল মঞ্চাভিজ্ঞ অভিনয় শিল্পীয়ে । এই তিনিওখন নাটকে দৰ্শকৰ মন জয় কৰিব বুলি আশাবাদী প্ৰযোজক তথা কলা-কুশলী ।

লগতে পঢ়ক: Rabindra Sarkar passes away : কবিতাৰ পাঠ সামৰি অজান দেশনলৈ গ’ল গৈ কবি ৰবীন্দ্ৰ সৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.