ETV Bharat / state

All Assam Trained Home Guard: নলবাৰীত একে নামতে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ দুখন সমিতি

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 10:59 PM IST

নলবাৰীৰ সৰিয়হতলীত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ জিলা সমিতিৰ সংবাদমেল । দুটা ভাগত বিভক্ত নলবাৰীৰ গৃহৰক্ষী বাহিনী ।

Press Meet of Nalbari  trained home guard association
সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা

লবাৰীত একে নামতে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ দুখন সমিতি

নলবাৰী, ২৪ ছেপ্টেম্বৰ: আজি নলবাৰী জিলাৰ অন্তৰ্গত সৰিয়হতলীত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ নলবাৰী জিলা সমিতিৰ এখন সংবাদমেল অনুষ্ঠিত হয় । এই সংবাদমেলত নলবাৰীৰ একাংশ গৃহৰক্ষী জোৱানে সন্থাৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে সমিতিখনে । একাংশ গৃহৰক্ষী জোৱানে সন্থাৰ নলবাৰী জিলা সমিতিক ৰাজ্যিক সমিতিয়ে পেইড, ছীল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা বুলি মন্তব্য প্ৰকাশ কৰিছিল । কিন্তু আজিৰ এই সংবাদমেলত সন্থাৰ বিষয়ববীয়া সকলে ভুৱা অপপ্ৰচাৰ চলাই থকা গৃহৰক্ষী জোৱান সকলৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

পুৰণি সমিতিখনে নতুনকৈ গঠন কৰা সনিতিক গৰিহণা দিয়াৰ লগতে ৰাজ্যিক সমিতিয়ে এনেকুৱা সিদ্ধান্ত যদি লৈছে সঠিক প্ৰমাণ দাঙি ধৰিবলৈ দাবী জনাই । আনহাতে,এই অপপ্ৰচাৰ চলাই থকা গৃহৰক্ষী জোৱান সকলে যদি কোনো ধৰণৰ সঠিক ভাৱে প্ৰমাণ দিব নোৱাৰে তেন্তে তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আইন তথা বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰস্থ হ'ব বুলি সকীয়াই দিয়ে সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থা নলবাৰী জিলা সমিতিয়ে ।

উল্লেখ্য যে বিগত ২৬ আগষ্টত সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ৰাজ্যিক সমিতিয়ে নলবাৰী জিলা সমিতিখন নলবাৰী সমিতিৰ বিষয়ববীয়া হাতত অৰ্পণ কৰি সুকলমে কাম-কাজ চলাই নিবলৈ অনুমতি প্ৰদান কৰা বুলি তথ্য সহকাৰে সংবাদ মেলত মন্তব্য প্ৰকাশ কৰে । ইপিনে, কিছুদিন পূৰ্ৱে একাংশ গৃহৰক্ষী বাহিনীয়ে সন্থাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰা আন এখন নতুন সমিতি গঠন কৰিছিল । তাৰ পিছতে জিলাখনৰ গৃহৰক্ষী বাহিনীৰ মাজত দুটা ভাগত বিভক্ত হয় । এটা পক্ষই আন এটা পক্ষৰ বিৰুদ্ধে নিতৌ অভিযোগ প্ৰতি অভিযোগেৰে সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি আহিছে । আজি পুনৰ নলবাৰী জিলা গৃহৰক্ষী বাহিনী সন্থাই নতুন সমিতিখনৰ বিৰুদ্ধে এই সংবাদমেল আয়োজন কৰে ।

লগতে পঢ়ক:Chandra Mohan Patowary : বৰপেটা-বজালী জিলাৰ সীমা নিৰ্ধাৰণ প্ৰসংগত প্ৰতিক্ৰিয়া মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.