ETV Bharat / state

Animal sacrifices in Billeswar Devalaya: এইবাৰ বিল্বেশ্বৰ দেৱালয়ত বলি দিয়া হ'ব ৪২ টাকৈ ম'হ

author img

By

Published : Oct 4, 2022, 12:19 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ বিল্বেশ্বৰ দেৱালয়তো মহানৱমীৰ ব্যাপক আয়োজন চলিছে (Mahanavami in Billeswar Devalaya)। পৰম্পৰা অনুসৰি এইবাৰ দেৱালয়ত ম'হ, ছাগলী আদি বলি দিয়া হ'ব । বিশেষ মুহূৰ্তত ৰাজ্যৰ লগতে আন আন ৰাজ্যৰ পৰাও আহিছে ভক্ত ।

Animal sacrifices in Billeswar Devalaya
বিল্বেশ্বৰ দেৱালয়ত বলি দিয়া হ'ব ৪২ টাকৈ ম'হ

নলবাৰী,৪ অক্টোবৰ : আজি মহানৱমী (Mahanavami 2022)। ৰাজ্যৰ শক্তিপীঠসমূহত জনবিশ্বাস আৰু পৰম্পৰা অনুসৰি এই মহানৱমী উপলক্ষে বলি বিধান প্ৰক্ৰিয়া আৰম্ভ হৈছে (Animal sacrifices in Assam during Durga Puja)। ইতিহাস প্ৰসিদ্ধ নামনি অসমৰ ঐতিহাসিক শৈৱ শক্তিপীঠ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়তো মহানৱমীৰ মহা আয়োজন চলিছে ।

ৰজা নাগক্ষৰ দিনৰে পৰা এই শক্তিপীঠত বলি বিধান প্ৰথা চলি আহিছে । সেই অনুসৰি প্ৰতিবছৰে মহানৱমীৰ দিনাখন এই শক্তিপীঠত বলি বিধান প্ৰক্ৰিয়া চলি আহিছে । এইবছৰো ব্যতিক্ৰম নহয় । পুৱাই মাৰ চৰণত শান্তি নিৰ্মালিৰে সাজু কৰা হয় বলিৰ বাবে অনা হাঁহ, ছাগলী, ম'হ আদি ।

এইবাৰ বিল্বেশ্বৰ দেৱালয়ত বলি দিয়া হ'ব ৪২ টাকৈ ম'হ

উল্লেখ্য যে বিগত দুটা বছৰ ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে দুৰ্গা পূজা অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছিল । কিন্তু এইবছৰ ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে সকলোৱে ওলাই আহিছে । ইফালে বিল্বেশ্বৰ দেৱালয়তো বিগত দুটা বছৰত কেৱল মাত্ৰ আধ্যাত্মিকতাৰে দুৰ্গা পূজা সম্পন্ন হৈছিল । ৰাইজে মাৰ চৰণত দান কৰা এটাকৈ ম'হ বলি দিয়া হৈছিল যোৱা দুটা বছৰত ।

এইবাৰ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ত ভক্তসকলে প্ৰায় ৬০ টাতকৈও অধিক ম'হ দান দিছে । ইয়াৰে ৪২ টাকৈ ম'হ মহানৱমীত বলি দিয়া হ'ব (Buffalo sacrifices in Billeswar Devalaya)। আনহাতে ২০ টাকৈ ম'হ দেৱালয় কৰ্তৃপক্ষই উছৰ্গা কৰাৰ কথা প্ৰকাশ কৰে ।

উল্লেখ্য যে এই শক্তিপীঠত প্ৰতিপাদৰ পৰা নৱমীলৈকে মাৰ চৰণত বলি বিধান প্ৰক্ৰিয়া চলি আছে । সহস্ৰাধিক ভক্তৰ সমাগমত বিল্বেশ্বৰ দেৱালয়ত এক উলহ-মালহ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । আনকি বলি বিধান প্ৰক্ৰিয়াৰ সাক্ষী হ'বলৈ দেশ-বিদেশৰ পৰাও আহিছে ভক্ত ।

লগতে পঢ়ক :মহানৱমীত ভক্তক আদৰিবলৈ সাজু নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.