ETV Bharat / state

Anti drugs mission in Nagaon: জালত পৰিল নগাঁৱৰ কুখ্যাত ড্ৰাগছ মাফিয়া বিকি সূত্ৰধাৰ

author img

By

Published : May 13, 2022, 10:04 PM IST

Anti drugs mission in Nagaon
জালত পৰিল নগাঁৱৰ কুখ্যাত ড্ৰাগছ মাফিয়া বিকি সূত্ৰধাৰ

নিষিদ্ধ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল ধিং গেইটৰ মূল ড্ৰাগছ ব্যৱসায়ী (Drugs mafia arrested in Nagaon)। শুকুৰবাৰে বিয়লি নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত চলা অভিযানত আটক কৰা কৰা হয় কুখ্যাত ড্ৰাগছ ব্যৱসায়ী বিকি সূত্ৰধাৰক ৷

নগাঁও, 13 মে’: নগাঁৱত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । নিষিদ্ধ ড্ৰাগছসহ হয়বৰগাঁও আৰক্ষীৰ জালত পৰিল ধিং গেইটৰ মূল ড্ৰাগছ ব্যৱসায়ী (Drugs mafia arrested in Nagaon)। উদ্ধাৰ বহু আপত্তিজনক সামগ্ৰী ।

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । এইবাৰ নগাঁৱৰ ধিং গেইটৰ ড্ৰাগছৰ মূল ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী । শুকুৰবাৰে বিয়লি নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ(Haibergaon police out post) ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা অভিযানত জালত পেলাবলৈ সক্ষম হয় কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজনক । ধিং গেইটৰ লগতে বিভিন্ন প্ৰান্তলৈ ড্ৰাগছৰ যোগান ধৰা বিকি সূত্ৰধাৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰাৰ লগতে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ।

জালত পৰিল নগাঁৱৰ কুখ্যাত ড্ৰাগছ মাফিয়া বিকি সূত্ৰধাৰ

বিকি সূত্ৰধৰৰ বাসগৃহত অভিযান চলাই আৰক্ষীৰ দলটোৱে বহু অপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৰা সামগ্ৰীসমূহ চুৰি বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । উল্লেখযোগ্য যে, ড্ৰাগছ সৰবৰাহকাৰী বিকি সূত্ৰধৰে আৰক্ষীৰ কবলৰ পৰা কেইবাবাৰো পলায়নৰ চেষ্টা কৰিছিল যদিও সফল হ'ব পৰা নাই । সম্প্ৰতি অধিক তথ্যৰ বাবে হয়বৰগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত ড্ৰাগছ সৰবৰাহকাৰী বিকি সূত্ৰধাৰক ।

উল্লেখ্যে, ড্ৰাগছ বিৰোধী অভিযানত নগাঁও চহৰৰ ধিং গেইটৰ প্ৰায় আটাইকেইটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰাৰ পাছত বিকি সূত্ৰধাৰে আৰম্ভ কৰিছিল ধিং গেইটৰ ড্ৰাগছৰ সাম্ৰাজ্য । কিন্তু অৱশেষত নগাঁও আৰক্ষীয়ে বিকি সূত্ৰধৰকো জালত পেলাবলৈ সক্ষম হয় । বিকি সূত্ৰধৰৰ সৈতে ড্ৰাগছ ব্যৱসায়ত জড়িত আন সৰবৰাহকাৰীৰ বিৰুদ্ধেও অভিযান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক: মিছামাৰী আৰক্ষীৰ সফলতা: মটৰ চাইকেলসহ আটক বাইক চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.