ETV Bharat / state

কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 3:51 PM IST

Kuwaritol Higher Secondary School
কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়

কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । ১৯৪৭ চনতে স্থাপিত কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ গৌৰবোজ্বল মুহূৰ্তৰ সাক্ষী হ'বলৈ শিক্ষাৰ্থীৰ ভিৰ ।

কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়

কলিয়াবৰ, ২৪ নৱেম্বৰ: কলিয়াবৰৰ কুঁৱৰীটোলত ১৯৪৭ চনতে স্থাপিত কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে মহাৰজত জয়ন্তী বৰ্ষত উপনীত হৈছে । কলিয়াবৰৰ দ্বিতীয়খন পুৰণি শিক্ষানুষ্ঠান পূৰ্বৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু বৰ্তমানৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনিয়ে ইতিমধ্যে গৌৰৱোজ্জ্বল ৭৫ টা বছৰ অতিক্ৰম কৰাত আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে মহাৰজত জয়ন্তী উৎসৱ ।

মহাৰজত জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে মহাৰজত জয়ন্তী উৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । এই কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা ৬ বজাত ঊষা-কীৰ্তন, পুৱা ৯ বজাত ৭৫ খন পতাকা উত্তোলন কৰা হয় । মূল পতাকা উত্তোলন কৰে মহাৰজত জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । ইয়াৰ পাছতে শ্বহীদ তৰ্পণৰ শুভাৰম্ভ কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কংকণ জ্যোতি বৰুৱাই । স্মৃতি তৰ্পণৰ লগতে বীৰ লাচিতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হয় । তদুপৰি, প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন অধ্যক্ষ ধীৰেন্দ্ৰ কুমাৰ হাজৰিকাই ।

দিনৰ ১ বজাত উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ড০ স্বাধীনতা মহন্তই । উক্ত সভাতে প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীক সম্বৰ্দ্ধনা জনোৱা হয় । এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই ।

ইপিনে, সন্ধিয়া ৭৫ গচি বন্তি প্ৰজ্বলন কৰাৰ পাছতে সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব মহকুমাধিপতি লীজা তালুকদাৰে । দ্বিতীয় দিনা পুৱা অনুষ্ঠিত হ'ব প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ সন্মিলনৰ প্ৰথম চ'ৰা । উদ্বোধন কৰিব প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । দ্বিতীয় চ'ৰা উদ্বোধন কৰিব কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নৱীন বৰঠাকুৰে ।

তৃতীয় দিনা অৰ্থাৎ অন্তিম দিনা পুৱা ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধনৰ পাছতে বিয়লি ১ বজাৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব । বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে । নিশাৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।

লগতে পঢ়ক:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.