ETV Bharat / state

কামপুৰত হাৰিয়া নৈৰ তাণ্ডৱঃ নৰ্বিকাৰ জনপ্ৰতিনিধি

শেহতীয়াকৈ কপিলী নৈয়ে জিলাখনৰ বিভিন্ন অঞ্চলত সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছতে এইবাৰ হাৰিয়া নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে কামপুৰ ৰাজহ চক্ৰ অন্তৰ্গত তেতেলী সৰা আৰু নিজ কামপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 50 খন গাঁও ৷

Flood in kampur of Nagaon
কামপুৰত কপিলী নৈৰ পাছত হাৰিয়া নৈৰ তাণ্ডৱ

Published : July 19, 2020 at 12:03 PM IST

Choose ETV Bharat

বঢ়মপুৰ, 19 জুলাই: বানৰ কৱলত পৰিছে ৰাজ্যৰ 28 খন জিলাৰ প্ৰায় 3 লক্ষাধিক লোক ৷ আন বহুকেইখন জিলাৰ দৰে নগাঁও জিলাতো বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ শেহতীয়াকৈ কপিলী নৈয়ে জিলাখনৰ বিভিন্ন অঞ্চলত সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছতে এইবাৰ হাৰিয়া নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তেতেলী সৰা আৰু নিজ কামপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 50 খন গাঁও ৷ ইতিমধ্যেই তেতেলী সৰা বৰকলা সংযোগী পথৰ ওপৰত এককাল পৰ্যন্ত পানী উঠাৰ বাবে সম্পূৰ্ন ৰূপে ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ ফলত অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷

কামপুৰত কপিলী নৈৰ পাছত হাৰিয়া নৈৰ তাণ্ডৱ

উল্লেখ্য যে, বানাক্ৰান্ত গাঁও সমূহৰ মাজৰে বহু ঠাইত ঘৰৰ ভিতৰটো এককাল পযন্ত পানী হোৱাত ওখ ঠাইত আশ্ৰয় ল' লগীয়া হৈছে বানাক্ৰান্ত সকলে ৷ কিন্তু খাদ্য সংকটত ভুগিছে আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হোৱা বানাক্ৰান্তই ৷ বানাক্ৰান্ত সকলৰ লগতে পশুধনৰ বাবে কোনো চৰকাৰী সাহায্য প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷

Flood in kampur of Nagaon
কামপুৰত কপিলী নৈৰ পাছত হাৰিয়া নৈৰ তাণ্ডৱ

বানাক্ৰান্তৰ খবৰ লবলৈ বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত আহিছিল যদিও বানত ককবকাই থকা বানাক্ৰান্ত সকলৰ কাষলৈ নোযোৱাৰ অভিযোগ বানাক্ৰান্তৰ ৷

লগতে পঢ়কঃ উত্তৰ অভায়াপুৰীত বানৰ সংহাৰী ৰূপ