ETV Bharat / state

আজি বিশ্ব সংগীত দিৱস: ভিন্ন প্ৰান্তত উদযাপন সংগীত দিৱস

আজি বিশ্ব সংগীত দিৱস ৷ 21 জুনৰ দিনটোত সংগীত দিৱস পালন কৰা হয় । 1982 চনৰ পৰা পালন কৰা হয় বিশ্ব সংগীত দিৱস ৷ ফ্ৰান্সৰ সাংস্কৃতিক মন্ত্ৰী জেক লেংগ আৰু ফ্ৰান্সৰ সংগীতজ্ঞ আৰু সাংস্কৃতিক সংবাদকৰ্মী মৰিছ ফ্লিউৰেটৰ নেতৃত্বত 21 জুনৰ দিনটোক “Fête de la Musique" অৰ্থাৎ সংগীতৰ বাবে উৎসৰ্গিত এটি দিন বুলি অভিহিত কৰি সংগীত দিৱস পালন কৰা হৈছিল ।

celebrating world music day
আজি বিশ্ব সংগীত দিৱস

Published : June 21, 2021 at 9:31 PM IST

|

Updated : June 24, 2021 at 7:39 PM IST

Choose ETV Bharat

কলিয়াবৰ, 21 জুন : চন ১৯৮২, আমেৰিকান সংগীতজ্ঞ জ'ৱেল ক'হেনৰ মনৰ চিন্তাত সংগীতৰ নামত উচৰ্গিত হ’ল এটা দিন ৷ সেই সময়ত ফ্ৰান্সৰ ৰেডিঅ' ষ্টেচন এটাত কৰ্মৰত আছিল তেওঁ ৷ সেই বছৰে ফ্ৰান্সৰ সাংস্কৃতিক মন্ত্ৰী জেক লেংগ আৰু ফ্ৰান্সৰ সংগীতজ্ঞ তথা সংবাদকৰ্মী মৰিছ ফ্লিউৰেটৰ নেতৃত্বত 21 জুনৰ দিনটোত পালন কৰিছিল সংগীত দিৱস ৷ প্ৰতি বছৰে এটা মূল বিষয়বস্তু লৈ এই দিৱস উৎযাপন কৰা হয় ৷

21 জুনত গ্ৰীষ্মক আদৰণি জনাই সংগীত দিৱস পালন কৰা হয় । তেওঁৰেই এই চিন্তাই পূৰ্ণ ৰূপ পাইছিল ১৯৮২ চনত । সেই বছৰ ফ্ৰান্সৰ সাংস্কৃতিক মন্ত্ৰী জেক লেংগ আৰু ফ্ৰান্সৰ সংগীতজ্ঞ আৰু সাংস্কৃতিক সংবাদকৰ্মী মৰিছ ফ্লিউৰেটৰ নেতৃত্বত 21 জুনৰ দিনটো “Fête de la Musique" অৰ্থাৎ সংগীতৰ বাবে উৎসৰ্গিত এটি দিন বুলি অভিহিত কৰি সংগীত দিৱস পালন কৰা হৈছিল ৷

সুখবোৰ সংগীতেই আনে, বিৰহবোৰ সংগীতেই ভাগে, সংগীত এখন দাপোণৰ দৰে, যি দি যায় প্ৰতিপলৰ সান্নিধ্য ৷

আজি বিশ্ব সংগীত দিৱস

এই বছৰৰ সংগীত দিৱসৰ মূল বিষয়বস্তু হ’ল "Music at the intersections" ৷ সংগীত দিৱসৰ প্ৰধান উদ্দেশ্য আছিল উদীয়মান শিল্পীসকলক ‌উন্নত সংগীত সৃষ্টিৰ বাবে উৎসাহিত কৰা যাতে সংগীত হৈ পৰক মানৱ সভ্যতাৰ উন্নতিৰ এটা অংশ । সেই উদ্দেশ‍্য আগত ৰাখি কলিয়াবৰৰ এজন যুৱকে সংগীত সৃষ্টিত নিয়োজিত হৈ আছে । এগৰাকী সংগীত নিৰ্দেশক, প্ৰতিশ্ৰুতি সম্পন্ন শব্দযন্ত্ৰীৰ উপৰিও দৃশ্যগ্ৰহণকাৰী তথা সম্পাদনা ক্ষেত্ৰখনতো জড়িত ।

কলিয়াবৰত এই যুৱকজনৰ আছে নিজা সংগীত বাণীবন্ধনৰ এটা ষ্টুডিঅ'। যুৱকজনৰ নাম কংকনজ্যোতি হাজৰিকা ৷ গুৱাহাটীৰ জ্যেষ্ঠ সংগীত নিৰ্দেশক তথা শব্দযন্ত্ৰী ভূপেন উজীৰৰ তত্বাৱধানত বাণীবন্ধনৰ শিক্ষা গ্ৰহণ কৰি, ষ্টুডিঅ' অ'ডিটেকত বাণীবন্ধনৰ অভিজ্ঞতাপুষ্ট কংকনজ্যোতি শইকীয়া এতিয়া কলিয়াবৰৰ দৃশ্য-শ্ৰব্য জগতখনত ব্যস্ত ।

celebrating world music day
আজি বিশ্ব সংগীত দিৱস

কলিয়াবৰৰ দৰে গ্ৰামাঞ্চলৰ এচাম যুৱ প্ৰতিভাক সংগীত আৰু দৃশ্যগ্ৰহণৰ শিক্ষাও দি গৈছে কংকনে । আজি বিশ্ব সংগীত দিৱসৰ দিনা কলিয়াবৰৰ নিজ বাসগৃহতে থকা ষ্টুডিঅ' ফেব্ৰিকেটত অনুষ্টুপীয়াকৈ পালন কৰিলে বিশ্ব সংগীত দিৱস । কংকনজ্যোতিৰ নতুন সংগীত তথা শিল্পকৰ্ম সৃষ্টিত ভৱিষ্যতেও এই প্ৰয়াস অব্যাহত থাকক । বিশ্ব সংগীত দিৱসত ইটিভি ভাৰতৰ তৰফৰ পৰা সকলোকে আন্তৰিক শুভকামনা ।

লগতে পঢ়ক: লুইতৰ বুকুৰ কাঞ্চনজংঘাত ৰেলৱেৰ হাতোৰা

Last Updated : June 24, 2021 at 7:39 PM IST